ধুবুৰী,24 এপ্ৰিল : সমগ্ৰ দেশতে ক'ভিড-19 ৰ দ্বিতীয়টো ঢৌৱে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ ৷ ভাৰতৰ সমান্তৰালকৈ অসমতো প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ এই মহামাৰীয়ে যাতে সংহাৰী ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কেতবোৰ ব্যৱস্থা ৷ ৰাজ্য চৰকাৰে বাধ্যতামূলক কৰিছে বিমানবন্দৰ আৰু ৰেল ষ্টেচনত ক'ভিড পৰীক্ষণ ৷ কিন্তু ইয়াৰ মাজতো বহিঃৰাজ্য সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষেত্ৰত উদাসীন চৰকাৰ ৷
অৱশেষত ছাগলীয়াত আৰম্ভ হ'ল ক'ভিড পৰীক্ষণ
অৱশেষত গা লৰিল অসম চৰকাৰৰ ৷ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অসম পশ্চিমবংগ সীমান্তৰ ছাগলীয়াত ৰাজ্য চৰকাৰে আৰম্ভ কৰিলে ক'ভিড পৰীক্ষণ ৷
উল্লেখ্য যে, কাষৰীয়া পশ্চিম বংগৰ পৰা দিনে-নিশাই অসমত প্ৰৱেশ কৰিছে যাত্ৰীবাহী বাছৰ লগতে সামগ্ৰী কঢ়িওৱা বাহন । এই সন্দৰ্ভত বিভিন্ন মাধ্যমত বাতৰি প্ৰকাশ পাই আহিছে যদিও চৰকাৰে গ্ৰহণ কৰা নাছিল কোনো ব্যৱস্থা ৷ অৱশেষত শনিবাৰে গা লৰিল অসম চৰকাৰৰ । যাৰ বাবে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অসম পশ্চিমবংগ সীমান্তৰ ছাগলীয়াত আৰম্ভ কৰিলে ক'ভিড পৰীক্ষণ ৷ তিনিদিন ধৰি উক্ত স্থানত চলি আছে এই পৰীক্ষণ ৷ অসম চৰকাৰে গ্ৰহণ কৰা এই ব্যৱস্থাৰ শলাগ লয় স্থানীয় ৰাইজে ৷
অন্য এক খবৰৰ বাবে: পৰিস্থিতি সাপেক্ষে ৰাজ্যত লকডাউন হ'ব পাৰে:সৰ্বানন্দ সোণোৱাল