অসম

assam

By

Published : Jun 21, 2020, 4:57 PM IST

ETV Bharat / state

ধুবুৰীৰ গদাধৰ নদীত সলীল সমাধি এজন 70 বছৰীয়া বৃদ্ধৰ

শনিবাৰে ধুবুৰীৰ পাগলাহাটত গদাধৰ নদীত গৰু আনিবলৈ গৈ নিৰুদ্দেশ হোৱা ফুলবৰ আলী শ্বেখৰ মৃতদেহ উদ্ধাৰ । শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত ৷

dhuburi godhadhor river  death body recover 70 years fulbar ali sakh
ধুবুৰীৰ গদাধৰ নদীত সলীল সমাধি এজন 70 বছৰীয়া বৃদ্ধাৰ

ধুবুৰী,21জুনঃ ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অৰ্ন্তগত পাগলাহাট আৰক্ষী নিৰীক্ষণ চকী এলেকাৰ গদাধৰ নদীত সলীল সমাধি এজন 70 বছৰীয়া বৃদ্ধৰ । শনিবাৰে আবেলিৰ ভাগত এৰাল দিয়া গৰু লৈ গদাধৰ নদী পাৰ হৈ ঘৰলৈ অহাৰ সময়তে সংঘটিত হৈছিল এই অঘটন । ব্যক্তিগৰাকী গোলকগঞ্জ ৰাজহ চক্ৰৰ অন্তৰ্গত তথা পাগলাহাট আৰক্ষী নিৰীক্ষণ চকীৰ বালাসী গাওঁৰ বাসিন্দা ফুলবৰ আলী শ্বেখ বুলি জানিব পৰা গৈছে ৷

আনহাতে স্থানীয় ৰাইজে ততাতৈয়াকৈ পাগলাহাট আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান চলায় যদিও এন্ধাৰ হোৱাত বিফল হয় উদ্ধাৰ অভিযান । শনিবাৰে পুৱাৰ ভাগত পুনৰ এচডিআৰএফয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । প্ৰায় এক ঘন্টা ধৰি চলোৱা উদ্ধাৰ অভিযানৰ অন্তত পুৱা ন বজাত ফুলবৰ আলীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

ধুবুৰীৰ গদাধৰ নদীত সলীল সমাধি এজন 70 বছৰীয়া বৃদ্ধাৰ

ইপিনে পাগলাহাট আৰক্ষীয়ে ফুলবৰ আলীৰ মৃত দেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে । বৃদ্ধগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই শোকাকুল পৰিৱেশৰ সৃষ্টি হয় অঞ্চলটোত । মৃত্যুৰ সময়ত ফুলবৰ আলী শ্বেখে পত্নীৰ সৈতে তিনিটা পুত্ৰৰ সৈতে দুজনী ছোৱালী এৰি থৈ যায় ইহ সংসাৰত ।

লগতে পঢকঃ আঙুৰলতা ডেকাক লৈ অশালীন মন্তব্য কৰি ৰঙাঘৰলৈ দুজন

ABOUT THE AUTHOR

...view details