ধুবুৰী, 10 ছেপ্টেম্বৰ : বিতৰ্কই যে লগ এৰা নাই অসম আৰক্ষীক ৷ ধুবুৰী আৰক্ষীৰ পিঁয়াজ চুৰিৰ ঘটনা মাৰ নৌযাওঁতেই পুনৰ বিতৰ্কত সোমাই পৰিছে ধুবুৰী আৰক্ষী । শনিবাৰে নিশা ধুবুৰীৰ গৌৰীপুৰৰ এগৰাকী আৰক্ষীয়ে পিষ্টল দেখুৱাই এজন ব্যৱসায়ীক ভাবুকি প্ৰদান কৰাৰ অভিযোগত ধুবুৰীৰ এন এছ ৰোডত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ।
অভিযুক্তটো গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপজ্যোতি আৰ্য বুলি জানিব পৰা গৈছে ৷ অভিযোগ অনুসৰি, ধুবুৰী চহৰৰ ওচৱাল ক্লিনিকেল লেবৰেটৰীত শনিবাৰে নিশা এজন পিষ্টলধাৰী যুৱকে প্ৰৱেশ কৰে । তাৰ পাচতে অভিযুক্ত যুৱকজনে পিষ্টল দেখুৱাই উক্ত লেবৰেটৰীত কৰ্মৰত এজন যুৱকৰ হাতৰ পৰা ম’বাইল ফোন কাঢ়ি নিয়ে ।
তাৰ পাচতে এনে কিয় কৰিছে বুলি ব্যৱসায়িজনে প্ৰশ্ন কৰাত পিষ্টল দেখুৱাই নিজকে আৰক্ষীৰ লোক বুলি কৈ ভাবুকি প্ৰদান কৰে ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ আনকি স্থানীয় ৰাইজে আৱদ্ধ কৰি ৰাখে অভিযুক্তটোক ৷