ধুবুৰী, ৫ আগষ্ট :ধুবুৰীৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকললৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে । উল্লেখ্য যে বিগত সময়ছোৱাত ধুবুৰী জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ তৰফৰ পৰা চৰকাৰী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকললৈ কেইবাবাৰো এনে নিৰ্দেশনা জাৰি কৰা হৈছিল । কিন্তু বাস্তৱ ক্ষেত্ৰত একাংশ চৰকাৰী বেতনভোগী শিক্ষক-শিক্ষয়িত্ৰীয়ে এই চৰকাৰী নিৰ্দেশনা অমান্য কৰি আহিছিল ।
বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ জাননী ইয়াৰ বিপৰীতে বহু শিক্ষক-শিক্ষয়িত্ৰীয়ে ব্যক্তিগতভাৱে টিউচন কৰা কাৰ্য অব্যাহত ৰাখিছিল । তাৰেই পৰিপ্ৰেক্ষিতত ধুবুৰী জিলা বিদ্যালয়সমূহৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক জিয়াউৰ ৰহমানে পুনৰ জাৰি কৰিছে এক নিৰ্দেশনা । এই নিৰ্দেশনাযোগে পুনৰ ব্যক্তিগত টিউচন বন্ধ কৰাৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীসকলক আহ্বান জনাইছে । লগতে চৰকাৰী বিদ্যালয়ৰ সকলো শিক্ষক-শিক্ষয়িত্ৰীকে চৰকাৰী নিৰ্দেশনা কঠোৰভাৱে মানি চলিবলৈ কোৱা হৈছে । অন্যথা এই নিৰ্দেশনা অমান্য কৰা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বিৰুদ্ধে বিভাগীয়ভাৱে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলিও নিৰ্দেশনা-পত্ৰখনত উল্লেখ কৰা হৈছে ।
উল্লেখ্য যে ধুবুৰী জিলাৰ একাংশ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক শ্ৰেণীকোঠাত গুৰুত্ব সহকাৰে পাঠদান নকৰাৰ অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপন হৈ আছে । ইয়াৰ বিপৰীতে বহু শিক্ষক-শিক্ষয়িত্ৰীয়ে ব্যক্তিগতভাৱে টিউচন চেণ্টাৰ খুলি সুকীয়াকৈ পাঠদানৰ ব্যৱস্থা কৰি আহিছে । মাহে মাহে চৰকাৰী বেতন ভোগ কৰি অহা তেনে শিক্ষক-শিক্ষয়িত্ৰীসকলক নাকী লগোৱাৰ বাবেই বিভাগীয় কৰ্তৃপক্ষই এনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলগা হৈছে । কিন্তু এই নিৰ্দেশনা ব্যক্তিগতভাৱে টিউচন চেণ্টাৰ খুলি ৰমৰমীয়া বেহা চলাই থকা শিক্ষক-শিক্ষয়িত্ৰীসকলে কিমানদূৰ মানি চলে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।
উল্লেখ্য যে ৰাজ্যৰ বহুতো চৰকাৰী শিক্ষক-শিক্ষয়িত্ৰীয়ে বিদ্যালয়ত নিয়মিত আৰু সঠিক ৰূপত পাঠদান নকৰাৰ অভিযোগ বহুদিনীয়া । সময়ে সময়ে শিক্ষা বিভাগে জাননী জাৰি কৰি শিক্ষক-শিক্ষয়িত্ৰীসকলক কৰ্তব্য পালনত গাফিলতি নকৰিবলৈ সকীয়নি প্ৰদান কৰি আহিছে । আনহাতে, এচাম শিক্ষকে বিদ্য়ালয়ত পাঠদান নকৰি ঘৰুৱাভাৱে টিউচন কৰি থকাৰো অভিযোগ আছে ।
লগতে পঢ়ক :B.Ed certificate Scam in Assam : গ্ৰেপ্তাৰ হ’ব ভুৱা বিএড ডিগ্ৰীধাৰী শিক্ষক ! সস্তম শিক্ষা বিভাগ