অসম

assam

By

Published : Aug 18, 2022, 12:21 PM IST

ETV Bharat / state

নাবালিকা ছাত্ৰীক পলুৱাই নিয়া শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ

ধুবুৰী জিলাৰ এখন বিদ্যালয়ত লজ্জাজনক ঘটনা সংঘটিত হৈছে । প্ৰায় ৫০ বছৰীয়া এগৰাকী শিক্ষকে পলুৱাই নিলে ১৩ বছৰীয়া ছাত্ৰীক । শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ অঞ্চলটোৰ ৰাইজৰ (People protest against teacher in Dhubri)। শিক্ষকক গ্ৰেপ্তাৰৰ দাবী ।

protest
নাবালিকা ছাত্ৰীক পলুৱাই নিয়া শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ

ধুবুৰী,১৮ আগষ্ট :বৰ্তমান সময়তো সকলোৱে বিদ্যালয়ক মন্দিৰ বুলি বিবেচনা কৰে । য'ত গুৰু-শিষ্যৰ সম্পৰ্কও অতি উল্লেখযোগ্য । কিন্তু তেনে মন্দিৰস্বৰূপ বিদ্যালয়ক কলংকিত কৰিলে এগৰাকী শিক্ষকে । নাবালিকা ছাত্ৰীক পলুৱাই নিলে শিক্ষকে । শিক্ষকৰ এনে কৰ্মকাণ্ডত লজ্জিত অঞ্চলটোৰ ৰাইজ ।

নাবালিকা ছাত্ৰীক পলুৱাই নিয়া শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ

এই ঘটনা বিলাসীপাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত বাহিৰ শালমাৰা এম ভি স্কুলৰ । বিদ্যালয়খনৰ জাকিৰ হুছেইন নামৰ এগৰাকী শিক্ষকে উক্ত বিদ্যালয়খনৰে সপ্তম শ্ৰেণীৰ ছাত্ৰীক পলুৱাই লৈ যোৱাৰ অভিযোগ উঠিছে । জানিব পৰা মতে তেৰ বছৰীয়া ছাত্ৰীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল শিক্ষক জাকিৰ হুছেইনৰ (Teacher love affair with minor girl student)।

ছাত্ৰীগৰাকীৰ পৰিয়ালে জনোৱা মতে ১৫ আগষ্টৰ পুৱা বিদ্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কাৰ্য্যসূচীত অংশ লোৱাৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল নাবালিকা ছাত্ৰীগৰাকী । তেনে সময়তে আদবাটৰ পৰাই ৫০ বছৰীয়া শিক্ষকগৰাকীয়ে ছাত্ৰীজনীক পলুৱাই লৈ যায় । এই ঘটনা পোহৰলৈ অহাৰ পাছতে শিক্ষক জাকিৰ হুছেইনৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ছাত্ৰীগৰাকীৰ পৰিয়াল আৰু গাঁওবাসী ।

গুৰু-শিষ্যৰ সম্পৰ্কক কলংকিত কৰাৰ অভিযোগ তুলি শিক্ষকগৰাকীক নিলম্বনৰ দাবী কৰিছে উত্তেজিত ৰাইজে (People protest against teacher in Dhubri)। ৰাইজে শিক্ষকগৰাকীৰ নিলম্বনৰ দাবীত বিদ্যালয়ৰ সন্মুখত প্ৰতিবাদো সাব্যস্ত কৰিছে । ইফালে নাবালিকা ছাত্ৰীগৰাকীৰ পিতৃয়ে বন্দিহানা আৰক্ষী চকীত এখন এজাহাৰো দাখিল কৰিছে (FIR against teacher in Dhubri)।

লগতে পঢ়ক:ব্ৰাহ্মণ ছোৱালী বিয়া নপতাৰ বাবে এঘৰীয়া কৰিলে তিনিটা পৰিয়ালক

For All Latest Updates

ABOUT THE AUTHOR

...view details