ধুবুৰী, 9 অক্টোবৰঃ জনীয়া বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰৰ বাবে বুধবাৰে কলগাছিয়াত কংগ্ৰেছৰ মুখ্য নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন ৷ জনীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুছ ছোবানৰ সভাপতিত্বত উদ্বোধনী কৰা হয় কাৰ্যালয় ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মণ ৷ সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে কংগ্ৰেছ প্ৰাৰ্থীক বিপুল ভোটৰ ব্যৱধানত জিকাই দিবলৈ ৰাইজক আহ্বান জনায় ভূমিধৰ বৰ্মণে ।
কলগাছিয়াত কংগ্ৰেছৰ মুখ্য নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন
সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মণ ৷ সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে কংগ্ৰেছ প্ৰাৰ্থীক বিপুল ভোটৰ ব্যৱধানত জিকাই দিবলৈ ৰাইজক আহ্বান জনায় ভূমিধৰ বৰ্মণে
তাৰোপৰি সভাত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক উপস্থিত থাকি কয় যে, কংগ্ৰেছৰ দিনতহে জনীয়াত উন্নয়ন হৈছে আৰু এই উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ কংগ্ৰেছ দলৰ প্ৰাৰ্থী সংগ্ৰামী নেতা ছামচুল হকক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায় । কংগ্ৰেছ দলৰ ৰাজ্যিক মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যয়ো সভাত উপস্থিত থাকি কয়, ইয়াত যদি ইউ ডি এফ জিকে তেন্তে সাম্প্ৰদায়িকতাবাদৰ উত্থাপন ঘটিব । যাৰ বাবে ধৰ্ম নিৰপেক্ষ দল কংগ্ৰেছক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনোৱাৰ লগতে অসমত হ'বলগীয়া চাৰিওটা সমষ্টিত কংগ্ৰেছ দলৰ জয় হ'ব বুলি মন্তব্য কৰে মুখপাত্ৰজনে ।