অসম

assam

By

Published : Mar 29, 2019, 7:17 PM IST

ETV Bharat / state

আজমলৰ পথেৰেই ধাৱমান ৰঞ্জিত দাস !

নিজৰ বিতৰ্কিত মন্তব্যৰে সময়ে-সময়ে সংবাদ শিৰোনামা দখল কৰি অহা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ এইবাৰ আন এক ৰূপ । এ আই এই ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ জৰা-ফুকাৰ ৰাজনীতি এইবাৰ আয়ত্ত কৰি লৈছে ৰঞ্জিত দাসে । ধুবুৰীৰ এখন নিৰ্বাচনী সভাত বটলত পানী জাৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে বিজেপিৰ সভাপতিগৰাকীয়ে ।

ৰঞ্জিত দাস

২৯ মাৰ্চ, ধুবুৰীঃ শুকুৰবাৰে ধুবুৰী জিলাৰ শংকৰদেৱ শিশু উদ্যানত অনুষ্ঠিত হৈছিল বিজেপি, অগপ আৰু বিপিএফৰ মিত্ৰ দলৰ কৰ্মী সভা । এই সভাতেই উপস্থিত আছিল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস । অতীজৰে পৰা জৰাফুকাত নাম থকা আজমলৰ সমষ্টিত উপস্থিত হৈ এইবাৰ আজমলক প্ৰত্যাহ্বান জনাই নিজেই জৰাফুকাৰ পন্থা হাতত ল'লে ৰঞ্জিত দাসে ।

আজমলৰ পথেৰেই গতি কৰিলে ৰঞ্জিত দাসে !

হাতত পানীৰ বটল লৈ ফুকি দি সেই পানীৰ বটল আগবঢ়াই দিলে মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলামক । লগতে সেই পানীৰ বটলৰ মহত্ব ব্যাখ্যা কৰি ক’লে, এই পানী আজমলক পৰাজয় কৰোৱাৰ বাবে ।

উল্লেখযোগ্য যে, আজি ধুবুৰীত অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত আছিল, মিত্ৰ দল অগপ, বিজেপি আৰু বিপিএফৰ শতাধিক কৰ্মীৰ লগতে অগপৰ সভাপতি অতুল বৰা, মন্ত্ৰী ভৱেশ কলিতা সহ মিত্ৰ দলৰ ধুবুৰীৰ প্ৰাৰ্থী জাবেদ ইছলাম । সভাত কংগ্ৰেছ আৰু আজমলক তীব্ৰ সমালোচনা কৰে সভাপতি ৰঞ্জিত দাসে । ইপিনে এই সভাতেই, 91চনত ধুবুৰীৰ পৰা প্ৰথম বিজেপি বিধায়ক নিৰ্বাচিত হোৱা বুলি উল্লেখ কৰি 91ৰ পুনৰাবৃত্তি এইবাৰ 2019ৰ লোকসভা নিৰ্বাচনত হ'ব বুলি উল্লেখ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ।

ABOUT THE AUTHOR

...view details