বিলাসীপাৰা,20 জুলাইঃ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত বন্দীহানা গাওঁ পঞ্চায়তৰ বানাক্ৰান্ত ৰাইজক পশুধনৰ খাদ্য দিয়াৰ নামত দুৰ্নীতিৰ অভিযোগ ৷ বানাক্ৰান্ত ৰাইজক শুকুৰবাৰে ঘৰচীয়া পশুৰ বাবে আবণ্টন হোৱা খাদ্যৰ নামত ৰামঠগন ৷ পশু খাদ্য হিচাবে আবণ্টন হৈছিল চাপৰ কিন্তু চাপৰৰ বিপৰীতে আহিল তুঁহ গুৰি।
বিলাসীপাৰাত বান সাহায্যৰ নামত দুৰ্নীতি!
বিলাসীপাৰাত বান সাহায্যৰ নামৰ চৰম দুৰ্নীতিৰ অভিযোগ। বানাক্ৰান্তক পশু খাদ্য দিয়াৰ নামত বন্দিহানাত হৈছে দুৰ্নীতি । পশু খাদ্যৰ বাবে চৰকাৰীভাৱে দিয়া হয় চাপৰ । কিন্তু 200 বস্তা চাপৰৰ পৰিৱৰ্তে ওলাল ধানৰ গুৰি ৷ ক্ষোভিত ৰাইজে ওভতাই দিলে পশু খাদ্য
বিলাসীপাৰাত বান সাহায্যৰ নামত চৰম দুৰ্নীতি
বন্দীহানা গাঁও পঞ্চায়তৰ সভাপতি পশু পালন বিভাগৰ বিষয়া আব্দুল বাৰেকক খবৰ দিয়াত উক্ত স্থানত উপস্থিত হৈ ধানৰ তুঁহগুৰি বাতিল কৰি দিয়ে ৷ তুঁহ গুৰিৰ গাড়ী খন দ্ৰুত গতিত ওলাই যাবলৈ ধৰোতেই গাড়ীখন পথৰ দাঁতিত বাগৰি পৰি দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনা হোৱা গাড়ী খনৰ নম্বৰ AS-01FC-5777 ।