ধুবুৰী, ১০ আগষ্ট: সোমবাৰে দেশৰ ৰাজহুৱা সম্পদ আৰু শ্ৰমিক-কৃষকৰ অধিকাৰ ৰক্ষাৰ হকে প্ৰতিবাদত নামিল CITU, AIUTUC আৰু UTUC কে ধৰি কেইবাটাও সংগঠন । দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনকেইটাই । ৰাজ্যৰ আন আন জিলাৰ লগতে ধুবুৰীতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনকেইটাই । জিলাখনৰ তিনিটা স্থানত বিক্ষোভ প্ৰদৰ্শন কৰে সদস্যসকলে ।
ধুবুৰী সদৰ চহৰৰ লগতে আগমনি, বিলাসীপাৰাতো সোমবাৰে আইন অমান্য আন্দোলন কৰে সংযুক্ত কৃষক মৰ্চা, ট্ৰেড ইউনিয়নকে ধৰি সংগঠনকেইটাই । ভাৰত বচাও দিৱস পালন কৰি শ্রমিক-কৃষক আৰু গণ সংগঠনসমূহে ঐক্যবদ্ধভাৱে প্রতিবাদ সাব্যস্ত কৰে । মূল্যবৃদ্ধি ৰোধ কৰা, মধ্যাহ্ন ভোজনৰে জড়িত কর্মচাৰীসকলৰ বকেয়া দৰমহা আদায় দিয়া, ৩ খন কৃষি আইন বাতিল কৰা, বিদ্যুৎ সংশোধনী বিল বাতিল কৰাকে ধৰি একাধিক দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ।