অসম

assam

By

Published : Sep 20, 2020, 3:52 PM IST

ETV Bharat / state

অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ ধুবুৰীত প্ৰতিক্ৰিয়া

অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ পৰীক্ষাত ধুবুৰী জিলাৰ পৰা 9 টা পৰীক্ষা কেন্দ্ৰত মুঠ 2,408 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ৷ কিন্তু প্ৰশ্নকাকাত ফাদিল হোৱা বাবে পৰীক্ষাকেন্দ্ৰ সমূহত বাতিল কৰা হয় পৰীক্ষা ৷

Assam Police SI exam question paper leak
অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ ধুবুৰীত প্ৰতিক্ৰিয়া

ধুবুৰী, 20 ছেপ্তেম্বৰঃদেওবাৰে ৰাজ্যত অনুষ্ঠিত হোৱাৰ কথা আছিল অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ মুঠ ৫৯৭ টা পদৰ বাবে পৰীক্ষা ৷ কিন্তু প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বাতিল কৰা হয় পৰীক্ষাসমূহ ৷ সমান্তৰালকৈ ধুবুৰীতো 9 টা পৰীক্ষা কেন্দ্ৰত মুঠ 2,408 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাটোত ৷ ধুবুৰী আৰক্ষীয়ে সদৰি কৰা অনুসৰি দিনৰ প্ৰায় 12 বাজি 5 মিনিটত প্ৰশ্নকাকাত ফাদিল হোৱাৰ খবৰ পোৱা মাত্ৰকে প্ৰতিটো পৰীক্ষা কেন্দ্ৰত আৰক্ষী উপস্থিত হৈ প্ৰশ্ন কাকত আৰু উত্তৰ বহী সমূহ সংগ্ৰহ কৰি লৈ যায়। ইয়াৰ পিছতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় পৰীক্ষাৰ্থীসকলৰ মাজত ৷

অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ ধুবুৰীত প্ৰতিক্ৰিয়া

এইপৰ্যন্ত ক’ৰ পৰা কেনেদৰে প্ৰশ্ন কাকাত ফাদিল হ’ল সেই তথ্য পোহৰলৈ অহা নাই যদিও আৰক্ষীয়ে এইসন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক-অসম আৰক্ষীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলঃ দিল্লীৰ পৰাই তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ

ABOUT THE AUTHOR

...view details