অসম

assam

মনোনয়ন দাখিল কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ

By

Published : Apr 3, 2019, 8:48 PM IST

নীলমনি সেন ডেকাক কাষতলৈ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে মনোনয়ন দাখিল কৰে৷

মনোনয়ন পত্ৰ দাখিল কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ

ধুবুৰী, 3 এপ্ৰিলঃ বুধবাৰে নীলমনি সেন ডেকাক কাষতলৈ মনোনয়ন দাখিল কৰিলে কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে৷ বিশাল শোভাযাত্ৰাৰে মিত্ৰদলৰ প্ৰাৰ্থী জাবেদ ইছলামে মনোনয়ন পত্ৰ দাখিল কৰাৰ ক্ষন্তেক পিচতেই কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী গৰাকীয়ে দলীয় নেতা কৰ্মী আৰু সমৰ্থক লগত লৈ মনোনয়ন দাখিল কৰে৷

মনোনয়ন পত্ৰ দাখিল কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ

ধুবুৰী ৰাজীৱ ভৱনৰ পৰা মন্ত্ৰী নীলমণি সেন ডেকা, কংগ্ৰেছৰ বিধায়ক ৱাজেদ আলী চৌধুৰী,ডঃ মতিওৰ ৰহমান মণ্ডলৰ লগতে বহু কেইজন বিধায়কৰ আৰু সহস্ৰাধিক দলীয় কৰ্মী-সমৰ্থকে হাতে হাতে দলীয় পতাকা লৈ বিভিন্ন শ্লোগানেৰে ধুবুৰীৰ আকাশ বতাহ কঁপাই তোলে।

আনহাতেৃ মনোনয়ন পত্ৰ দাখিল কৰি "আজমল ফেক্টৰ নহয় আৰু তেওঁৰ জৰাফুঁকাই এইবাৰ কাম নিদিব, এইবেলি ৰাইজে আজমলক চিৰ বিদায় দিব" বুলি মন্তব্য কৰে ৱাজেদ আলী চৌধুৰীয়ে।

ABOUT THE AUTHOR

...view details