পশ্চিম বিলাসীপাৰা, 17 ডিচেম্বৰ : ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বিলাসীপাৰাতো মহকুমাধিপতিৰ কাৰ্যালয়ৰ সম্মুখত আৰু বিলাসীপাৰাৰ নিকটৱৰ্তী বগৰীবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত আমছুয়ে চি(এ)এ ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে ৷
বিলাসীপাৰাত এ বি এমছু আৰু আমছুৰ চি(এ)এ বিৰোধী প্ৰতিবাদ
বিলাসীপাৰাতো চি(এ)এ ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে এ বি এমছু আৰু আমছুয়ে ৷ চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে ৷
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মঙলবাৰে বিলাসীপাৰা জিলা আমছু আৰু নিকটৱৰ্তী বগৰীবাৰীত এ বি এমছুয়ে পুৱা দহ বজাৰ পৰা চাৰিঘন্টীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰে। ছাত্ৰ সংগঠনটোৱে মহকুমাধিপতি আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমুখত হাতে হাতে বেনাৰ,প্লে' কাৰ্ড লৈ 'অসম চৰকাৰ হায় হায়','নৰেন্দ্ৰ মোদী মূর্দাবাদ','কেব বাতিল কৰক,কেব আমি নামানো','জয় আই অসম','কেন্দ্ৰ চৰকাৰ গ' বেক' আদি শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে । আইনখন বাতিল নকৰিলে অসমৰ পৰিস্থিতি ভয়াৱহ হৈ উঠিব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ।
আৰু পঢ়ক : নিয়াৰ আদালতত হাজিৰ অখিল গগৈ
TAGGED:
এ বি এমছু