জোনাই, 5 মাৰ্চ : ‘‘অসম তথা ভাৰত চৰকাৰ, আমাক সোনকালে লৈ যাওক ইয়াৰ পৰা ৷ বৰ্তমান আমাৰ হাতত মজুত নাই পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী ৷ আমি খাদ্য বহু সংকটত ভুগিছো’’ ৷ এই মন্তব্য যুদ্ধ জৰ্জৰ ইউক্ৰেনত অধ্যয়নৰত ছাত্ৰ আব্দুৰ ৰছিদ (Russia Ukraine crisis) ৷
যুদ্ধ বিধস্ত ইউক্ৰেনত বৰ্তমানেও আবদ্ধ হৈ আছে জোনাইৰ আব্দুৰ ৰছিদ (Youth from Jonai trapped in Ukraine) ৷ জোনাই কমলপুৰৰ নিবাসী চহিদুল আলিৰ পুত্ৰ আব্দুৰ ৰছিদ ইউক্ৰেইনৰ চুমিত বিশ্ববিদ্যালয়ত মেডিকেল বিজ্ঞান বিভাগৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ ৷ ইউক্ৰেনত যুদ্ধ ঘোষণা হোৱাৰ পাচৰে পৰা নিজা হোষ্টেল এৰি সুৰক্ষিত স্থানলৈ যাব নোবাৰাত বৰ্তমানো বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ বাংকাৰতে আবদ্ধ হৈ থাকিব লগীয়া হৈ আছে আব্দুৰ ৰছিদসহ আন কেইবাজনো ছাত্ৰ ৷