অসম

assam

By

Published : Aug 25, 2020, 7:32 PM IST

ETV Bharat / state

চেঙাজানত আৰম্ভ পাৰ্কুপাইন আঁচনিৰ কাম

ধেমাজি জিলাৰ চেঙাজানত গংগা পূজাত অংশগ্ৰহণ কৰি খহনীয়া ৰোধৰ বাবে দুই কোটিটকীয়া পাৰ্কুপাইন আঁচনিৰ কামৰ উদ্বোধন কৰে সাংসদ প্ৰদান বৰুৱাই ৷ বৰুৱাক উক্ত কাৰ্যসূচীত সহযোগ কৰে বিধায়ক ভূবন পেগুৱে ৷

Work on the Parkupine project begins in Chengajan dhemaji assam etv bharat news
পাৰ্কুপাইন আঁচনিৰ কাম আৰম্ভ

জোনাই,25 আগষ্ট: ধেমাজি জিলাৰ চেঙাজানত ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে মঙলবাৰে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ অধীনত দুই কোটি টকীয়া পাৰ্কুপাইন আঁচনিৰ কামৰ উদ্বোধন কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাইৰ বিধায়ক ভূবন পেগুয়ে । এই উপলক্ষে অনুষ্ঠিত সভাত সাংসদ প্ৰদান বৰুৱাই এই বছৰ বাৰিষাৰ সময়তো জলসম্পদ বিভাগে মথাউৰি নিৰ্মাণৰ কাম পুৰাদ্যোমে ৰূপায়ণ কৰাৰ কথা প্ৰকাশ কৰে ৷ শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ খহনীয়া নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে ইতিবাচক চিন্তাৰে কাম আগবঢ়াই নিবলৈ প্ৰয়াস চলাইছে বুলিও উল্লেখ কৰে সাংসদগৰাকীয়ে ৷

পাৰ্কুপাইন আঁচনিৰ কাম আৰম্ভ

ইতিমধ্যে জিলাখনৰ জোনাইৰ বেৰাচাপৰি, চেঙাজানৰ লগতে শদিয়া, ডুমডুমা, লখিমপুৰ, চাবুৱা আদি অঞ্চলত খহনীয়া প্ৰতিৰোধৰ বাবে বিভিন্ন আঁচনি জলসম্পদ বিভাগৰ দ্বাৰা ৰূপায়ণ কৰি থকা হৈছে বুলি বক্তব্যত প্ৰকাশ কৰে বৰুৱাই ৷ চৰকাৰে হাতত লোৱা ব্ৰহ্মপুত্ৰৰ খননৰ বিষয়ে ভাষণ ৰাখি প্ৰদান বৰুৱাই কয় যে, নদী খান্দি মাটি বামলৈ পেলোৱাৰ বিপৰীতে ব্ৰহ্মপুত্ৰৰ মাজত এটা সূঁতিৰ গভীৰতা সৃষ্টি কৰি সেই জলপথত জাহাজ চলাচলৰ বাবে সূচল কৰি তোলাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে ৷ সাংসদগৰাকীক উক্ত কাৰ্যসূচীত সহযোগ কৰে বিধায়ক ভূবন পেগুৱে ৷

লগতে চাওকঃডেকাসত্ৰীয়া নৱজিৎ দাসৰ মৃত্যুত শোকস্তব্ধ বৰপেটা

ABOUT THE AUTHOR

...view details