অসম

assam

ETV Bharat / state

নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে একত্ৰিত মহিলাঃ জ্বালাই দিলে বিঘাই বিঘাই ভাং খেতি

শনিবাৰে জোনাই মহকুমাৰ পুৰণা জেলম অঞ্চলৰ মহিলা সকলে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে এক সজাগতা সমদল বাহিৰ কৰে । ইয়াৰ লগতে এনে নিচাজাতীয় দ্ৰব্য সেৱন কৰা দেখিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকীয়াই দিয়ে মহিলাসকলে ।

By

Published : Jun 2, 2019, 10:35 AM IST

Updated : Jun 2, 2019, 12:12 PM IST

নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে মহিলাৰ সজাগতা সমদল

জোনাই, ২ জুন : জোনাই মহকুমাৰ পুৰণা জেলম অঞ্চলৰ মহিলা সকলে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে এক সজাগতা সমদলৰ আয়োজন কৰিছে । যোৱা 23 মে'ৰ পৰা মহিলাসকলে এই অঞ্চলটোত থকা বহু বিঘা ভাং খেতি জ্বলাই নষ্ট কৰাৰ পাছতে পুনৰ মদ, ভাং, কানিৰ দৰে নিচাযুক্ত দ্ৰব্য নিৰ্মূলকৰণৰ উদ্দেশ্য সজাগতা সমদল উলিয়ায় । পুৰণা জেলম তিনিআলিৰ পৰা ২ নং পুৰণা জেলম, তল চিৰুং, মধ্য চিৰুং, আনচিং গাঁও আদিত সমদল উলিয়াই মহিলাসকলে ।

নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে মহিলাৰ সজাগতা সমদল

ভাং - কানি খেতি কৰা বন্ধ কৰক, জুৱা খেলা বন্ধ কৰক আদি বিভিন্ন শ্ল'গানেৰে মহিলাসকলে উত্তাল কৰি তোলে পৰিবেশ । তাৰোপৰি, সেই অঞ্চলটোত এনে নিচাজাতীয় দ্ৰব্য সেৱন কৰা দেখিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকীয়াই দিয়ে মহিলাসকলে ।

Last Updated : Jun 2, 2019, 12:12 PM IST

ABOUT THE AUTHOR

...view details