অসম

assam

ETV Bharat / state

Silapathar Rape case: ধৰ্ষণকাৰী পিতৃক গ্ৰেপ্তাৰৰ দাবী, আৰক্ষী-মহিলাৰ খণ্ডযুদ্ধ

12 দিনৰ পিচতো চিলাপথাৰৰ কন্যা ধৰ্ষণকাৰী অভিযুক্ত পিতৃক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত দেওবাৰে চিলাপথাৰৰ মহিলা সমাজে নগৰত এক সমদল উলিয়াই।

Silapathar Rape case
ধৰ্ষণকাণ্ডৰ অভিযুক্ত পিতৃক গ্ৰেপ্তাৰৰ দাবীত ৰাজপথত মহিলাৰ প্ৰতিবাদী সমদল

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 5:08 PM IST

ধৰ্ষণকাণ্ডৰ অভিযুক্ত পিতৃক গ্ৰেপ্তাৰৰ দাবীত ৰাজপথত মহিলাৰ প্ৰতিবাদী সমদল

জোনাই, 24 ছেপ্টেম্বৰ:সভ্য সমাজক কলুষিত কৰা এক ধৰ্ষণকাণ্ডই সমগ্ৰ চিলাপথাৰত তোলপাৰ লগাইছে । এগৰাকী পিতৃয়ে ঘৰত কোনো নথকাৰ সুযোগ লৈ নিজ কন্যাক ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিচতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

যোৱা 12 ছেপ্টেম্বৰত পিতৃয়ে 13 বছৰীয়া কন্যাক পিষ্টল দেখুৱাই অসৎ অভিপ্ৰায় সিদ্ধি কৰে ৷ এই কথা কাৰোবাক ক’লে হত্যা কৰাৰো ভাবুকি দিয়ে পিতৃয়ে ৷ এই সমগ্ৰ ঘটনাৰ কথা জানিবলৈ পাৰি মাতৃয়ে প্ৰাণৰ মমতাত ভুক্তভোগী কন্যাগৰাকীক লগত লৈ গুৱাহাটীত আশ্ৰয় লয় ৷

ইয়াৰ পিচতে যোৱা 16 ছেপ্টেম্বৰত এজাহাৰ দিবলৈ কন্যাসহ মাতৃ উপস্থিত হয় দিছপুৰ থানাত । মাতৃৰ অভিযোগ অনুসৰি আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰে ৷ এই নিকৃষ্ট ঘটনা সংঘটিত কৰা লোকজন চিলাপথাৰ বামগাঁও নিবাসী এজন প্ৰখ্যাত ব্যৱসায়ী ৷ শিলভঙা ক্ৰেচাৰ মেচিন, ফকলেণ্ড, এক্সকেভেটৰ, ডাম্পাৰ আদি অলেখ যান বাহন আৰু সা-সম্পত্তিৰ গৰাকী এইজন ব্যৱসায়ী । তেওঁৰ লগত 24 ঘন্টাই ৰাখে এটা অনুজ্ঞাপত্ৰ থকা পিষ্টল ৷

ইপিনে ঘটনাৰ 12 দিনৰ পিচতো অপৰাধীক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত দেওবাৰে চিলাপথাৰৰ মহিলা সমাজে নগৰত এক সমদল উলিয়ায়। হাতে হাতে প্লে-কাৰ্ড লৈ ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰক, অসম আৰক্ষী হায় হায়, মহিলাৰ সুৰক্ষা সুনিশ্চিত কৰক, নাবালিকাক সুৰক্ষা প্ৰদান কৰক, চিলাপথাৰ পুলিচ ঘোচখোৰ আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ।

লগে লগেই প্ৰতিবাদী সমদলক চিলাপথাৰ আৰক্ষীযে ঠেলি হেঁচি গতিয়াই বাহিৰ কৰি দিয়াৰ লগতে বেনাৰসমূহ কাঢ়ি লয় । ফলত আৰক্ষী আৰু প্ৰতিবাদী মহিলাৰ মাজত এক খণ্ড-যুদ্ধৰ সৃষ্টি হয় । এতিয়াও মুকলি আকাশৰ তলত ঘূৰি ফউৰা ধৰ্ষণকাৰী পিতৃ আৰু আৰক্ষীৰ মাজত মিতিৰালি আছে বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

ইফালে ধৰ্ষণকাৰী পিতৃৰ বিৰুদ্ধে দিছপুৰ থানাত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি আইনৰ 376(2)(B)/354B/ ধাৰাৰ আৰু 8/4 OF POCSO ACT 2012 আইনৰ অধীনত 1812/2023 নম্বৰত গোচৰ পঞ্জীয়ন কৰিছে।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে, সততে বেটী বছাও বেটী পঢ়াও শ্লোগান দিয়া বিজেপি চৰকাৰৰ দিনত পিতৃৰ যৌন উৎপীড়নৰ কামনাৰ বলি হোৱা কিশোৰীগৰাকীয়ে ন্যায় পাবনে ! আৰক্ষীয়ে ঘটনাৰ নিৰপেক্ষ তদন্ত কৰিব নে ?

লগতে পঢ়ক:Minor rape: কন্যাক ধৰ্ষণ কৰিলে পিতৃয়ে, প্ৰাণৰ মমতাত মাতৃ-কন্যাৰ পলায়ন

ABOUT THE AUTHOR

...view details