অসম

assam

By

Published : Sep 1, 2022, 10:09 PM IST

ETV Bharat / state

জোনাইত গণ প্ৰহাৰত মৃত্যুৰ ঘটনা: দোষীক কঠোৰতম শাস্তি বিহাৰ দাবী

জোনাইত বুধবাৰে নিশা সোপাধৰাৰ সন্দেহত ৰাইজে খেদি খেদি প্ৰহাৰ কৰি হত্যা কৰিলে এজন লোকক ৷ সম্প্ৰতি দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে এই ঘটনাই ৷ গণ প্ৰহাৰত মৃত্যু হোৱা লোকজন (Man killed in Jonai mob lynching identified) ধেমাজিৰ গোগামুখৰ চেতিয়া গাঁৱৰ গোলাপ বৰুৱা (32) ৷ মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল লোকজন(Dead in mob lynching at Jonai) ৷

tmpk-mmk-and-tmmk-pressmeet-at-jonai
দোষীক কঠোৰতম শাস্তি বিহাৰ দাবী

জোনাই, ১ ছেপ্টেম্বৰ:জোনাই মহকুমাৰ লাইমেকুৰীৰ ৰাকুত ককে গাঁৱত বুধবাৰে নিশা সোপাধৰাৰ সন্দেহত উত্তেজিত ৰাইজে গোলাপ বৰুৱা নামৰ এজন মানসিক ৰোগীক নৃশংসভাৱে হত্যা কৰে(Dead in mob lynching at Jonai) ৷ এই গণ হত্য়াকাণ্ডক কেন্দ্ৰ কৰি ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ ধেমাজি আৰক্ষীয়ে নিশাই অভিযান চলাই দুজন লোকক আটক কৰিছে ৷ আনহাতে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে টি এম পি কে, টি এম এম কে আৰু টি এম এম কেয়ে ৷

দোষীক কঠোৰতম শাস্তি বিহাৰ দাবী

সংগঠনকেইটাৰ নেতৃবৃন্দই বৃহস্পতিবাৰে এই সন্দৰ্ভত এখন সংবাদমেল আহ্বান কৰি উক্ত ঘটনাক অমানৱীয় তথা নৃশংস আখ্যা দিয়ে ৷ তেওঁলোকে সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি দোষী ব্যক্তিক শীঘ্ৰে কৰায়ত্ত কৰিবলৈ প্ৰশাসনক আহ্বান জনায় ৷ তেওঁলোকে লগতে দোষী ব্যক্তিক কঠোৰতম শাস্তি দিয়াৰ বাবে দাবী জনায় ৷ তেওঁলোকে লগতে এই অমানৱীয় তথা নৃশংস ঘটনাত জড়িতসকলক আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত আৰক্ষীক সম্পূর্ণ সহযোগ কৰাৰ কথা জানিবলৈ দিয়ে ৷

উল্লেখযোগ্য যে শেহতীয়াকৈ সোপাধৰাৰ নামত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰাইজৰ মাজত আতংকৰ পৰিবেশ বিৰাজ কৰিছে । সোপাধৰাৰ সন্দেহত যাতে কোনো নিৰিহ লোক বলি নহয় তাৰবাবে সোপাধৰাৰ অন্ধবিশ্বাস আৰু কু-সংস্কাৰ দূৰ কৰিবলৈ প্ৰয়োজনীয় সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সংগঠনকেইটাই প্ৰশাসনক আহ্বান জনায় ৷ আজিৰ সংবাদমেলত জোনাই জিলা টি এম পি কেৰ সভাপতি সঞ্জয় কুম্বাং, সম্পাদক মিগম দলে, টি এম এম কে সভানেত্ৰী দীপিকা পেগু, সম্পাদিকা ভাৰতী চুংক্ৰাং উপস্থিত থাকে ৷

লগতে পঢ়ক :জোনাইৰ গণহত্যা কাণ্ড সন্দৰ্ভত ধেমাজি আৰক্ষী অধীক্ষকৰ মন্তব্য

ABOUT THE AUTHOR

...view details