ধেমাজি, 8 মে' : লক্ ডাউনৰ মাজতেই ধেমাজিত সেউজ বিপ্লৱৰ সূচনা ৷ ব্ৰহ্মপুত্ৰৰ বালিচৰত তিনি হাজাৰ বিঘা ভূমিত অৰণ্য সৃষ্টি কৰিব চিচিমু বাসীয়ে ৷
ধেমাজি জিলাৰ পিছপৰা বৃহত্তৰ চিচিমুখ আৰু নামনি চিচিটঙানী অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ সুঁতি চিচি নৈৰ বালিচৰত মিচিং জাতীয় সংগঠন টি এম পিকে আৰু গাওঁ পঞ্চায়তৰ সহযোগত স্থানীয় ৰাইজে প্ৰতিদিনে ৰোপন কৰিছে হাজাৰ-হাজাৰ গছপুলি ৷
দীৰ্ঘদিনীয়া বানপানী আৰু গৰাখহনীয়াৰ কবলত পৰি জাহ যোৱা কৃষি ভূমিত ৰোপন কৰিছে শিমলু, চেগুনকে আদি কৰি বহুতো মূল্যৱান গছৰ পুলি ৷