অসম

assam

By

Published : Nov 20, 2020, 9:37 PM IST

ETV Bharat / state

সোণোৱাল কছাৰীসকলক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী

সোণোৱাল কছাৰী সকলক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ৷ 21ৰ নিৰ্বাচনৰ পূৰ্বে সোণোৱাল কছাৰী সকলৰ সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ ৷

সোণোৱাল কছাৰীসকলক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী
সোণোৱাল কছাৰীসকলক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী

ধেমাজী, 20 নৱেম্বৰ:সোণোৱাল কছাৰী জনগোষ্ঠীক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ ৷ শুকুৰবাৰে ধেমাজি প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি সংগঠনটোৱে এই দাবী উত্থাপন কৰে ৷

21 ৰ নিৰ্বাচনৰ পূৰ্বে জনগোষ্ঠীটোৰ সমস্য সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আন্দোলনৰ হুংকাৰ

সোণোৱাল কছাৰী জনগোষ্ঠীটোক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ বাবে চৰকাৰক দাবী উত্থাপন কৰি সদৌ অসম সোণোৱাল কছাৰী ছাত্র সন্থাৰ ধেমাজী জিলা সমিতিৰ সভাপতি পৰীক্ষিত সোণোৱালে প্ৰত্যেকখন চৰকাৰেই জাতিটোক প্ৰতাৰণা কৰি অহাৰ অভিযোগ উত্থাপন কৰে ৷ সোণোৱালে কয় যে প্ৰত্যেকখন চৰকাৰেই সোণোৱাল কছাৰী জনগোষ্ঠীক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিব বুলি আশ্বাস প্ৰদান কৰি আহিছে যদিও আজি পৰ্যন্ত কোনো এখন চৰকাৰেই নিজৰ প্ৰতিশ্ৰুতি পালন নকৰিলে ৷
জাতিটোৰ বাবে কোনো এখন চৰকাৰেই দৃষ্টান্তমূলক পদক্ষেপৰ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি নেতাগৰাকীয়ে কয় যে আগন্তুক 2021 ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বৰ্তমানৰ চৰকাৰখনে জনগোষ্ঠীটোৰ সমস্যা সমাধানৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গঢ়ি তোলা হ'ব ৷ চৰকাৰক প্ৰত্যাহ্বান জনোৱাৰ উদ্দেশ্যে জাতীয় সংগঠনটোৰ 12 খনকৈ জিলা সমিতি সাজু হৈ আছে বুলিও জিলা সমিতিৰ সভাপতি গৰাকীয়ে সংবাদমেলৰ জৰিয়তে চৰকাৰক সকীয়াই দিয়ে ৷
লগতে পঢ়ক:অখিল গগৈৰ মুক্তিৰ দাবীত নগাঁৱত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details