অসম

assam

ETV Bharat / state

Silapathar Town College principal attack : চিলাপথাৰ টাউন মহাবিদ্যালয়ৰ অধ্যক্ষক আক্ৰমণ

চিলাপথাৰ নগৰৰ মাজমজিয়াত দুই যুৱকে আক্ৰমণ কৰিলে চিলাপথাৰ টাউন মহাবিদ্যালয়ৰ অধ্যক্ষক (Principal of Silapathar Town College attacked)। আক্ৰমণত গুৰুতৰভাৱে আহত অধ্যক্ষগৰাকী । দোষীক কঠোৰ শাস্তিৰ দাবী মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

Silapathar
চিলাপথাৰ টাউন মহাবিদ্যালয়ৰ অধ্যক্ষক আক্ৰমণ

By

Published : Nov 4, 2022, 1:59 PM IST

জোনাই,৪ নৱেম্বৰ :ধেমাজি জিলাৰ চিলাপথাৰ নগৰত চাঞ্চল্যকৰ ঘটনা । দিন দুপৰতে চিলাপথাৰ টাউন মহাবিদ্যালয়ৰ অধ্যক্ষক আক্ৰমণ কৰিলে দুৰ্বৃত্তই (Principal of Silapathar Town College attacked)। বৃহস্পতিবাৰে দিনৰ ১২ মান বজাত চিলাপথাৰ নগৰৰ মাজমজিয়াত সংঘটিত হৈছে এই ঘটনা । ঘটনাক লৈ সমগ্ৰ অঞ্চলতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । আক্ৰমণকাৰীক কঠোৰ শাস্তিৰ দাবীত আৰক্ষী থানাৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে শিক্ষাৰ্থীয়ে ।

জানিব পৰা মতে বৃহস্পতিবাৰে দুপৰীয়া চিলাপথাৰ নগৰৰ মাজমজিয়াত থকা ব্ৰহ্মপুত্ৰ হোটেলৰ কাষেৰে যোৱা পথত AR-২২-০৮৯৬ নম্বৰৰ এখন অৰুণাচলৰ বাহন মাজপথতে ৰখাই থোৱা আছিল । ফলত পথটো বহু সময় ধৰি বন্ধ হৈ আছিল । একে সময়তে পিছফালৰ পৰা আহি থকা চিলাপথাৰ টাউন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দিব্য কুমাৰ দলেই বাহনখন আঁতৰাবলৈ অনুৰোধ জনাইছিল ।

চিলাপথাৰ টাউন মহাবিদ্যালয়ৰ অধ্যক্ষক আক্ৰমণ

কিন্তু অধ্যক্ষগৰাকীয়ে বাহনখন আঁতৰাবলৈ কোৱাত বাহনখন আঁতৰোৱাৰ পৰিৱৰ্তে ৰখাই থোৱা বাহনখনৰ ভিতৰৰ পৰা দুজনীয়া দুৰ্বৃত্তৰ দলে অধ্যক্ষগৰাকীৰ লগত তৰ্কযুদ্ধত লিপ্ত হয় । লগতে অধ্যক্ষগৰাকীলৈ শিলগুটি নিক্ষেপ কৰে (Miscreants attack Silapathar College principal)। এই আক্ৰমণত অধ্যক্ষগৰাকী গুৰুতৰভাৱে আহত হয় ।

ঘটনা সংঘটিত কৰি দুৰ্বৃত্তৰ দলটোয়ে পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও স্থানীয় ৰাইজে তাৰে এজন যুৱকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । যুৱকজনক কৰায়ত্ত কৰি ৰাইজে চিলাপথাৰ আৰক্ষীক চমজাই দিয়ে । ইফালে ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে চিলাপথাৰ থানাত উপস্থিত হৈ উত্তাল পৰিৱেশৰ সৃষ্টি কৰে (Silapathar Town college students protest)।

দোষীক কঠোৰ শাস্তি দিয়াৰ দাবীত বিভিন্ন শ্ল'গানেৰে ছাত্ৰ-ছাত্ৰীসকলে উত্তাল কৰি তোলে থানা চৌহদ । আইনী সুৰুঙাৰ মাজেদি যাতে দোষী সাৰি যাব নোৱাৰে তাৰ বাবেও আৰক্ষীক কঠোৰ হ'বলৈ দাবী জনায় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে । ইফালে আৰক্ষী সূত্ৰই জনোৱা মতে ঘটনা সংঘটিত কৰা যুৱক দুজন হৈছে লিকাবালি আলিকাশ গাঁৱৰ অজিত সিং আৰু অজয় সিং । ইতিমধ্যে আৰক্ষীয়ে যুৱকজনক সোধাপোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Moral policing: ধূপধৰাত গছত বান্ধি পুৰুষ-মহিলাক প্ৰহাৰ একাংশ লোকৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details