অসম

assam

By

Published : Dec 19, 2020, 7:47 AM IST

ETV Bharat / state

30 বছৰ বিনা বেতনে কাম কৰা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকক বিদায় সম্বৰ্ধনা

শুকুৰবাৰে ধেমাজিৰ জামুগুৰি পাঁচআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিপিন চন্দ্ৰ বৰাক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন ৷ সুদীৰ্ঘ 37 বছৰীয়া চাকৰিৰ কাৰ্যকালত 30 বছৰ বিনা বেতনে নিষ্ঠাৰে দায়িত্ব পালন কৰি চলিত বছৰৰ 31 আগষ্টত অৱসৰ গ্ৰহণ কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকগৰাকীয়ে ৷

teacher farewell
অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকক বিদায় সম্বৰ্ধনা

ধেমাজি,19 ডিচেম্বৰ : ধেমাজি শিক্ষা খণ্ডৰ অধীনৰ জামুগুৰি পাঁচআলি উচ্চ মাধ্যমিক বিদ্যালয়ত শুকুৰবাৰে অনুষ্ঠিত হয় বিদায় সম্বৰ্ধনা সভা ৷ পিছপৰা উত্তৰ ধেমাজি অঞ্চলৰ জামুগুৰি পাঁচআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিপিন চন্দ্ৰ বৰাক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয় ৷

অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকক বিদায় সম্বৰ্ধনা

পুৱাৰ ভাগত বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন, পতাকা উত্তোলনৰ পাচত দুপৰীয়াৰ ভাগত প্ৰদীপ বৰুৱাৰ পুৰোহিত্যত সম্বৰ্ধনা সভাখন অনুষ্ঠিত হয় ৷ সভাত আদৰণি ভাষণ আগবঢ়াই বিদ্যালয়ৰ বৰ্তমানৰ প্ৰধান শিক্ষক দিপেন চিৰিঙে ৷ ইয়াৰ পাচতে বিদ্যালয় কৰ্তৃপক্ষ, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় শুভাকাংক্ষী ৰাইজে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকগৰাকীক জাপি, শৰাই আৰু গামোচাৰে সাদৰ সম্বৰ্ধনা জনায় ৷

বিদ্যালয়খনৰ বৰ্তমানৰ প্ৰধান শিক্ষক দিপেন চিৰিঙে কয় যে, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিপিন চন্দ্ৰ বৰাই সুদীৰ্ঘ 37 বছৰীয়া চাকৰিৰ কাৰ্যকালত 30 বছৰ বিনা বেতনে নিষ্ঠাৰে দায়িত্ব পালন কৰি চলিত বছৰৰ 31 আগষ্টত অৱসৰ লয় ৷ প্ৰধান শিক্ষকগৰাকীয়ে মাত্ৰ 7 বছৰ 8 মাহহে চৰকাৰী বেতন লাভ কৰে ৷ আনহাতে ছাত্ৰ-ছাত্ৰী, সহকৰ্মীৰ উষ্ম আদৰ পাই আৱেগিক হৈ পৰে অবসৰপ্ৰাপ্ত শিক্ষকগৰাকী ৷

লগতে পঢ়ক :কামপুৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details