অসম

assam

Launch of Farmer Friendly Scheme in Jonai: ৰিকচেং এগ্ৰ প্ৰডিউচাৰ কোম্পানী কাৰ্যালয় মুকলি

কৃষকক কষ্টৰ উচিত মূল্য় দিবলৈ জোনাইত ভাৰত চৰকাৰৰ উদ্যোগত বিশেষ কাৰ্যালয় মুকলি কৰা হয় । মঙলবাৰে জোনাই ১ নং মূৰ্কংচেলেকত ৰিকচেং এগ্ৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ এটা কাৰ্যালয় মুকলি কৰা হয় (Rickseng Agro Producer Company Office inaugurated) ।

By

Published : Feb 22, 2023, 4:03 PM IST

Published : Feb 22, 2023, 4:03 PM IST

Launch of Farmer Friendly Scheme in Jonai
ৰিকচেং এগ্ৰ প্ৰডিউচাৰ কোম্পানী কাৰ্যালয় মুকলি

ৰিকচেং এগ্ৰ প্ৰডিউচাৰ কোম্পানী কাৰ্যালয় মুকলি

জোনাই, ২১ ফেব্ৰুৱাৰী: জোনাইবাসী ৰাইজৰ বাবে সুখবৰ । জোনাই অঞ্চলৰ থলুৱা সামগ্ৰীসমূহ উচিত মূল্য প্ৰদান কৰিবলৈ ভাৰত চৰকাৰে লৈছে এক বিশেষ উদ্যোগ । এই বিশেষ পদ্ক্ষেপ সফল কৰাৰ লক্ষ্যৰে জোনাই ১ নং মূৰ্কংচেলেকত ৰিকচেং এগ্ৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ (Rickcheng Agro Producer) এটা কাৰ্যালয় মঙলবাৰে শুভ উদ্বোধন কৰা হয় (Rickseng Agro Producer Company Office inaugurated) । জোনাইৰ ১ নং মূৰ্কংচেলেক গাঁৱত ৰিকচেং এগ্ৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ কাৰ্যালয়টো শুভ উদ্বোধন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ সদস্য নৰেশ কুম্বাঙে ।

জোনাই অঞ্চলৰ কৃষক ৰাইজৰ যিকোনো কৃষিকৰ্মৰ অধিক উৎপাদনৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি বৈজ্ঞানিক আৰু প্ৰযুক্তিৰ জৰিয়তে কৃষি কাৰ্য কৰা আৰু উৎপাদিত সামগ্ৰীৰ উচিত মূল্য প্ৰাপ্তিৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত প্ৰতিটো ব্লকত কৃষক উৎপাদক কোম্পানী (FPC) গঠন কৰাৰ প্ৰস্তাৱ লোৱা হৈছে বুলি জানিব পৰা গৈছে । এই উদ্দেশ্য আগত ৰাখি জোনাই অঞ্চলৰ কৃষকসকলৰ সুবিধাৰ্থে ৰিকচেং এগ্ৰ প্ৰডিউচাৰ কোম্পানী লিমিটেড নামেৰে এটা কৃষি উৎপাদক কোম্পানী (FPC) গঠন কৰি এই কাৰ্যালয়টো শুভ উদ্বোধন কৰা হয় ৷

এই শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সদস্য নৰেশ কুম্বাঙ, পদুম বাহাদুৰ ৰায়, জোনাইৰ ADO পংকজ পুৰান, Project Co-ordinator, APRINS প্ৰনৱজ্যোতি ফুকন, কেমি জেলম পঞ্চায়তৰ আঞ্চলিক সদস্যা পিংকি পাতিৰৰ লগতে বহু কৃষক ৰাইজ । অনুষ্ঠানটিৰ শেষত উদ্য়োক্তাসকলে কয় যে এয়া এক ভাৰত চৰকাৰৰ আঁচনি । ইয়াক বাস্তৱায়িত কৰিছে নেৰামে (North-Easter Regional Agriculture Marketing Corporation) । এই ক্ষেত্ৰত CBBO নামৰ এটা সংগঠনে বিশেষ সহায় আগবঢ়াইছে ।

লগতে পঢ়ক:Bank loan frauds in Nagaon: বেংকৰ ঋণ প্ৰদানৰ নামত নগাঁৱত কোনে সৰকাইছে কোটি কোটি টকা ?

লগতে কয় যে এয়া এক কেন্দ্ৰ চৰকাৰৰ আঁচনি । য'ত কৃষি মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰতিটো ব্লকতে এটা এটা FPO অথবা FPC গঠন কৰা হৈছে । কৃষকসকল এই পদক্ষেপৰ জৰিয়তে যথেষ্ট উপকৃত হ'ব আৰু মাহিলি এক মোটা অংকৰ আৰ্থিক সাহায্য লাভ কৰিব ।

লগতে পঢ়ক:Royal Bengal Tiger at Kaliabor: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনৰজাৰ ভ্ৰমণ বিলাস

For All Latest Updates

ABOUT THE AUTHOR

...view details