অসম

assam

ETV Bharat / state

চিকিৎসালয়ত এসপ্তাহে চিকিৎসকৰ সাক্ষাৎ নাপালে ক’ভিড আক্ৰান্তই

ধেমাজি অসামৰিক চিকিৎসালয়ৰ বিৰুদ্ধে বিষ্ফোৰক অভিযোগ উত্থাপন কৰিলে এগৰাকী ক’ভিড 19ৰ পৰা আৰোগ্য লাভ কৰা ৰোগীয়ে ৷ অস্বাস্থ্যকৰ পৰিবেশ , চিকিৎসালয়ত ৰোগীৰ বাবে নাই নূন্যতম সা-সুবিধা ৷

covid patient exposed poor conditions of covid hospital in dhemaji
covid patient exposed poor conditions of covid hospital in dhemaji

By

Published : Aug 13, 2020, 3:07 PM IST

ধেমাজি , 13 আগষ্টঃ ৰাজ্যত দৈনিক অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে ক’ভিড 19ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ চৰকাৰ তথা স্বাস্থ্য বিভাগে এই ৰোগ প্ৰতিৰোধ তথা নিৰাময়ৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে যদিও একাংশ চিকিৎসালয়ত পৰ্যাপ্ত সুবিধাৰ পৰা বঞ্চিত হৈছে ক’ভিড আক্ৰান্ত ৰোগী ৷ অনুৰূপ অভিযোগ উত্থাপন হৈছে ধেমজি ক’ভিড চিকিৎসালয়ৰ বিৰুদ্ধে ৷ ধেমাজি ক’ভিড চিকিৎসালয়ত ৰোগীক অৱহেলাৰ অভিযোগ ক’ভিড 19ৰ পৰা আৰোগ্য লাভ কৰা এগৰাকী ৰোগীৰ ৷ ধেমাজি অসামৰিক চিকিৎসালয়ৰ কভিড চিকিৎসালয়ৰ কক্ষত কেতবোৰ সমস্যাৰ সন্মুখীন হোৱাৰ লগতে এটুপি বিশুদ্ধ পানীৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছে ৰোগী সকলে ৷ অভিযোগকাৰী গৰাকীয়ে উল্লেখ কৰে যে , চিকিৎসালয়খনত ৰোগীসকলক আইৰণযুক্ত পানী যোগান ধৰাৰ লগতে এবাৰ মাত্ৰ চেনিটাইজ কৰাৰ পাছত চিকিৎসালয় চৌহদ পৰিস্কাৰ কৰিবলৈ নাহে কোনো চাফাই কৰ্মী ৷ চিকিৎসালয়ত নাই বেডকভাৰ আদি প্ৰয়োজনীয় সামগ্ৰীৰ যোগান ৷ একেসমূহ সামগ্ৰীকে পুনঃ ব্যৱহাৰ কৰিবলৈ দিয়াৰ লগতে চিকিৎসালয়ৰ কক্ষৰ পানীৰ টেপত পানী নোলোৱাৰ অভিযোগো উত্থাপন কৰে ব্যক্তিগৰাকীয়ে ৷ আনহাতে চিকিৎসাধীন অৱস্থাত 7-8 দিনত এবাৰো চিকিৎসকক দেখা নেপোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ব্যক্তিজনে ৷

এটুপি বিশুদ্ধ পানীৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছে ক’ভিড আক্ৰান্ত ৰোগীয়ে

যি সময়ত কভিড ৰোগীৰ বাবে সকলো সা সুবিধা প্ৰদান কৰাকে ধৰি চৰকাৰে বৃহৎ পূঁজি যোগান ধৰিছে , অতিৰিক্তভাৱে শ শ চাফাই কৰ্মী, নাৰ্চ যোগান ধৰি আহিছে , তেনে সময়ত ক’ভিড যোদ্ধা বুলি সকলোৱে সন্মান কৰি অহা এনে কিছুসংখ্যক কৰ্মচাৰীৰৰ কৰ্মকাণ্ডই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ক’ৰণাতংকৰ মাজত থকা জনসাধাৰণৰ মাজত ৷

লগতে পঢ়কঃআমিনগাৱঁত স্বাধীনতা দিৱসৰ পূৰ্ণ প্ৰস্তুতি

ABOUT THE AUTHOR

...view details