অসম

assam

By

Published : Dec 2, 2019, 1:40 PM IST

ETV Bharat / state

‘কেব’ক লৈ শংকিত হ'ব নালাগে অৰুণাচলৰ জনতা: মুখ্যমন্ত্ৰী পেমা খাণ্ডু

পাচিঘাটত খিলঞ্জীয়াৰ আস্থা দিৱসত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ মন্তব্য অৰুণাচলৰ জনতাই ‘কেব’ক লৈ শংকিত হ’ব নালাগে ৷

‘কেব’ক লৈ শংকিত হ'ব নালাগে অৰুণাচলৰ জনতাই: মুখ্যমন্ত্ৰী পেমা খাণ্ডু
‘কেব’ক লৈ শংকিত হ'ব নালাগে অৰুণাচলৰ জনতাই: মুখ্যমন্ত্ৰী পেমা খাণ্ডু

জোনাই, 2 ডিচেম্বৰ: মঙলবাৰে অৰুণাচলত পালন কৰা হয় আস্থা দিৱস ৷ এই দিৱসত দ:ঞি প:ল ৰ ধৰ্মাৱলম্বী ৰাইজে সামূহিক বাবে ভূমি পূজন তথা ধৰিত্ৰী আইক পূজা অৰ্চনা কৰে ৷ ধৰ্মীয় পৰম্পৰা অনুসৰি বাঁহ, তৰা পাত আৰু খাদ্য বস্তু লৈ ৰাইজে একেলগ মিলি পূজা অৰ্চনা কৰে । এই কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুকে ধৰি প্ৰাক্তন ৰাজ্যপাল পি চি আচাৰ্য ৷ এই অনুষ্ঠানতেই মুখ্যমন্ত্ৰীগৰাকীয় কয়,‘‘যুৱ প্ৰজন্মই নিজৰ কৃষ্টি সংস্কৃতি পৰম্পৰা ৰক্ষা কৰিব লাগিব । অৰুণাচল চৰকাৰে খিলঞ্জীয়াৰ উপসানৰ কাৰণে দ:ঞি প:ল কল্যাণ পৰিষদ গঠন কৰিছে । নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অৰুণাচল প্ৰদেশৰ জনতাই শংকিত হ’ব নালাগে৷’’

পূৱ বংগ চুক্তিৰ মতে অৰুণাচল প্ৰদেশ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাহিৰত থাকিব । যদি বিধেয়কৰ আওতালৈ আহে অৰুণাচল চৰকাৰে চিন্তা কৰিব বুলি মুখ্যমন্ত্ৰী পেমা খণ্ডুৱে সদৰী কৰে । উত্তৰ পূবক ধ্বংস কৰিব বিচৰা কাৰ্যক কেতিয়াও সহ্য কৰা নহ’ব বুলিও তেখেতে উল্লেখ কৰে ।

আস্থা দিৱস অৰুণাচল প্ৰদেশত

নাগৰিকত্ব বিধেয়কে উত্তৰ পূবক ধ্বংস কৰিব বুলিয়ে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা পূৱ পাছিঘাট সমষ্টিৰ কংগ্ৰেছী বিধায়ক নিনিং ইৰিঙে । আনহাতে পশ্চিমীয়া সংস্কৃতিয়ে অৰুণাচল প্ৰদেশৰ সভ্যতাক বহু পৰিমাণে ধ্বংস কৰিলে বুলি সদৰী কৰে মুখ্য অথিতি হিচাপে উপস্থিত থকা সপ্তম ক্যায়ৱজে ইয়ংজিং লিং ৰিনপচে(7th Kyabje Yongzing Ling Rinpoche) য়ে । এই অনুষ্ঠানতে বৌদ্ধ ধৰ্মৰ আন্তঃৰাষ্ট্ৰীয় সম্পাদক ধাম্মাপিয়া (Ved.Dr Dhammapiya) বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ লগতে মন্ত্ৰী বিধায়ক, সাংসদ ৰ লগতে ছিৰিয়া, আৰ্মেনিয়া, বিলিভিয়া, থাইলেণ্ড, লিথুয়ানিয়াৰ লগতে কেইবাখনো বিদেশী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।

আস্থা দিৱসত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু

লগতে চাওক- ওড়িশাত কোণাৰ্ক মহোৎসৱ আৰু আন্তৰাষ্ট্ৰীয় বলুকা শিল্প মহোৎসৱ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details