অসম

assam

ETV Bharat / state

ধেমাজিত শ শ শ্ৰমিকৰ বিশাল প্ৰতিবাদ - ধেমাজিত শ শ শ্ৰমিকৰ বিশাল প্ৰতিবাদ

ধেমাজিত শ্ৰমিক ইউনিয়নৰ বিশাল প্ৰতিবাদ (Labour Union Protest in Dhemaji) ৷ ধেমাজি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ শতাধিক প্ৰতিবাদকাৰীৰ ৷

Labour Union Protest in Dhemaji
ধেমাজিত শ শ শ্ৰমিকৰ বিশাল প্ৰতিবাদ

By

Published : Nov 26, 2021, 10:56 AM IST

ধেমাজি, 26 নৱেম্বৰ : ধেমাজিত শ্ৰমিক ইউনিয়নৰ বিশাল প্ৰতিবাদ (Labour Union Protest in Dhemaji) ৷ বৃহস্পতিবাৰে কেইবা শতাধিক নিৰ্মাণ শ্ৰমিকে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী ৰেলীত (construction worker's protest in dhemaji) ৷

ধেমাজি শ্ৰম বিষয়া ড৹ ভৱজিৎ দলেই শ্ৰমিকৰ ওপৰত কৰা শোষণ তথা দুৰ্নীতিৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে শ্ৰমিক ইউনিয়নে ৷ বৃহস্পতিবাৰে ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ প্ৰৱল বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰে শ শ শ্ৰমিকে ৷

উল্লেখ্য যে, ধেমাজিৰ শ্ৰম বিষয়া ড৹ ভৱজিৎ দলেই দীৰ্ঘদিন ধৰি শ্ৰম বিষয়াৰ কাৰ্যালয়ত পঞ্জীয়নভুক্ত কৰাৰ ওপৰিও ধেমাজিৰ শ্ৰমিক সংগঠনক আন্ধাৰত ৰাখি নিজে সৃষ্টি কৰি লোৱা এচাম দালালৰ জৰিয়তে শ্ৰমিক কাৰ্ড পঞ্জীয়নৰ নামত দুৰ্নীতিত লিপ্ত হৈ আহিছে ৷ শ্ৰমিক কাৰ্ড পঞ্জীয়নৰ বাবদ দালালৰ জৰিয়তে শ্ৰম বিষয়া ড৹ ভৱজিৎ দলেয়ে সংগ্ৰহ কৰি আহিছিল বৃহৎ পৰিমাণৰ ধন ৷

কিন্তু ইয়াতে ক্ষান্ত নাথাকি শ্ৰম বিষয়াজনে শ্ৰমিকৰ চিকিৎসা বৃত্তি, ছাত্ৰ-ছাত্ৰীৰ শিক্ষা বৃত্তি, শ্ৰমিকৰ পেঞ্চন তথা মৃত্যুৰ সাহাৰ্য, শ্ৰমিকৰ বছৰেকীয়া এককালীন সাহাৰ্য প্ৰদানত নানা অজুহাত দেখুৱাই ইচ্ছাকৃতভাৱে হেমাহি কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে এই শ্ৰমিকসকলে ৷ যাৰ ফলত এতিয়া শোষিত হৈ পৰিছে ধেমাজিৰ শ্ৰমিকসকল ৷

প্ৰতিবাদকাৰী শ্ৰমিক ইউনিয়নে কৰা অভিযোগ অনুসৰি, অনলাইনযোগে কৰা বহুসংখ্যক শ্ৰম কাৰ্ড ইচ্ছাকৃতভাৱে দুৰ্নীতিগ্ৰস্ত শ্ৰম বিষয়াজনে মাহ মাহ ধৰি আৱদ্ধ কৰি থৈছে ৷ ইয়াৰ প্ৰতিবাদতে ধেমাজি জিলা নিৰ্মাণ শ্ৰমিক ইউনিয়ন আৰু সমন্বয় সমিতিয়ে বিশাল প্ৰতিবাদী ৰেলী আৰু বিক্ষোভেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ শ্ৰমিকৰ গৰ্জনত কঁপি উঠে ধেমাজিৰ উপায়ুক্ত কাৰ্যালয় ৷ ইপিনে বিষয়াজনৰ বিৰুদ্ধে উপযুক্ত শাস্তি তথা শ্ৰমিক ইউনিয়নৰ দাবী পূৰণ নোহোৱা পৰ্যন্ত এই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক :Kaliabhomora Bridge accident : এটা সপ্তাহত কলিয়াভোমোৰাত সংঘটিত হ’ল দ্বিতীয়টো দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details