অসম

assam

By

Published : Sep 6, 2020, 4:05 PM IST

ETV Bharat / state

আৰ্দশ শিক্ষকক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সম্বধৰ্না

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিয়ে ঘৰে ঘৰে গৈ পাচঁগৰাকী আদৰ্শ শিক্ষকক সম্বৰ্ধনা জনায় ৷

Jonai techers day clebration ajycp
জোনাইত পাঁচ গৰাকী আৰ্দশ শিক্ষকক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সম্বধৰ্না

জোনাই, 6 ছেপ্তেম্বৰঃসমগ্ৰ দেশে উলহ-মালহেৰে শিক্ষক দিৱস পালন কৰাৰ সমান্তৰালকৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে একাংশ আদৰ্শ শিক্ষকৰ ঘৰলৈ গৈ 5 ছেপ্তেম্বৰত শিক্ষাগুৰুসকলক সেৱা-সম্বৰ্ধনা জনায় । অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,জোনাই আঞ্চলিক সমিতিয়ে 59তম শিক্ষক দিৱসৰ লগত সংগতি ৰাখি জোনাই অঞ্চলত প্ৰায় 20/25 বছৰে বিনা পৰিশ্ৰমিকেৰে ছাত্ৰ ছাত্ৰীসকলক জ্ঞানৰ জ্যোতি বিলাই সমাজৰ প্ৰতি দায়বদ্ধতাৰ পৰিচয় দি আহিছে তেনে 5 গৰাকী শিক্ষক ক্ৰমে নন্দ বৰা,ৰাজু কুলি,দিনহ চাৰহ,নৰেন গগৈ আৰু ৰজনী সন্দিকৈক একোখন মানপত্ৰ,গামোচা আৰু গছৰ পুলি দি সম্বৰ্ধনা জনায় ।

জোনাইত পাঁচ গৰাকী আৰ্দশ শিক্ষকক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সম্বধৰ্না

উক্ত অনুস্থানত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মা,উপদেষ্টা নীল কান্ত গগৈ,সাংগঠনিক সম্পাদক ধীৰাজ মিৰি আৰু জোনাই আঞ্চলিক সমিতিৰ ভা:সভাপতি দিপক খনিকৰ,সাধাৰণ সম্পাদক সত্য হাজৰিকাৰ লগতে আঞ্চলিক সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে।

লগতে পঢ়কঃ বগা চাহৰ খেতিৰে লাভৱান হৈছে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক

ABOUT THE AUTHOR

...view details