অসম

assam

ETV Bharat / state

চিলাপথাৰত স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত দুকুৰি ডাষ্টবিন স্থাপন

চিলাপথাৰত নৱ গঠিত 'ৰিষ্টা' নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে শুকুৰবাৰে চিলাপথাৰ নগৰত স্থাপন কৰে দুকুৰিকৈ বাঁহৰ ডাষ্টবিন ৷ অঞ্চলটোৰ কেইবাজনো উদ্যোগী যুৱকৰ একান্ত প্ৰচেষ্টাত গঢ় লৈ উঠা স্বেচ্ছাসেৱী সংগঠনটোৱে চিলাপথাৰৰ কালিবাৰী, নৱজ্যোতি বয়জ ক্লাৱ, আদৰ্শ ক্লাৱ আৰু চিলাসুঁতি আই থানত স্থাপন কৰে হস্ত নিৰ্মীত ডাষ্টবিনবোৰ ৷

jonai-hand-made-dustbin
চিলাপথাৰত দুকুৰি ডাষ্টবিন স্থাপন স্বেচ্ছাসেৱী সংগঠনৰ

By

Published : Oct 23, 2020, 9:40 PM IST

জোনাই, 23 অক্টোবৰ : চিলাপথাৰত নৱ গঠিত 'ৰিষ্টা' নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে শুকুৰবাৰে চিলাপথাৰ নগৰত স্থাপন কৰে দুকুৰিকৈ বাঁহৰ ডাষ্টবিন ৷ অঞ্চলটোৰ কেইবাজনো উদ্যোগী যুৱকৰ একান্ত প্ৰচেষ্টাত গঢ় লৈ উঠা স্বেচ্ছাসেৱী সংগঠনটোৱে চিলাপথাৰৰ কালিবাৰী, নৱজ্যোতি বয়জ ক্লাৱ, আদৰ্শ ক্লাৱ আৰু চিলাসুঁতি আই থানত স্থাপন কৰে হস্ত নিৰ্মিত ডাষ্টবিনবোৰ ৷ অনুষ্ঠানৰ সদস্য সকলে নিজা নিজা ঘৰৰ পৰা বাঁহ যোগাৰ কৰি তৈয়াৰ কৰিছে এই সঁজুলি বোৰ ৷ পেলনীয়া সামগ্ৰী বিসৰ্জনৰ বাবে ব্যৱহাৰ কৰিবলৈ এই ডাষ্টবিন সমূহ যোগান ধৰিছে স্বেচ্ছাসেৱী সংগঠনটোৱে ৷

চিলাপথাৰত দুকুৰি ডাষ্টবিন স্থাপন স্বেচ্ছাসেৱী সংগঠনৰ

অনুষ্ঠানত ৰিষ্টাৰ'ৰ সভাপতি মানৱ ডেকাই বিশেষভাৱে সক্ষম, গৃহহীন শিশু, দৰিদ্ৰ অসহায় লোকক সহায়, শিক্ষাৰ ব্যৱস্থা কৰা আদি বিভিন্ন সমস্যা সমাধানৰ লক্ষ্যৰে স্বেস্বাসেৱী সংগঠনটোৱে কাম কৰি যাব বুলি মন্তব্য কৰে ৷ কাৰ্যসূচীত সম্পাদক বিকি চাহু, সদস্য ইন্দ্ৰ বড়ো, ৰাজেশ কুমাৰ, ৰাজকুমাৰ সিং, সমাজকৰ্মী তথা প্ৰাক্তন ৱাৰ্ড কমিচনাৰ মিতাল পাইত আদি উপস্থিত থাকে ৷
লগতে পঢ়ক: অসমত বৃষ্টিপাতৰ সম্ভাৱনাঃ বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী

ABOUT THE AUTHOR

...view details