অসম

assam

ETV Bharat / state

Health Center construction scam: নামনিবালি উপ-স্বাস্থ্য কেন্দ্ৰৰ গৃহ নিৰ্মাণত দুৰ্নীতি

জোনাইৰ নামনিবালি উপ-স্বাস্থ্য কেন্দ্ৰ আৰু কল্যাণ কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ নামত বিয়াগোম দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে (Health center construction corruption)। ৰাইজে অভিযোগ কৰা মতে উক্ত কামৰ দায়িত্বত থকা ঠিকাদাৰজনে আঁচনিৰ ধন হৰলুকি কৰাৰ মানসেৰে বিভিন্ন ধৰণৰ কেলেংকাৰী সংঘটিত কৰিছে ।

By

Published : Dec 22, 2022, 5:23 PM IST

Health center construction scam
নামনিবালি উপ-স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ গৃহ নিৰ্মাণত দুৰ্নীতি

নামনিবালি উপ-স্বাস্থ্য কেন্দ্ৰৰ গৃহ নিৰ্মাণত দুৰ্নীতি

জোনাই, ২২ ডিচেম্বৰ :ৰাজ্য চৰকাৰে গ্ৰামাঞ্চলৰ বিভিন্ন ক্ষেত্ৰৰ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । নতুন নতুন আঁচনিৰ জৰিয়তে গ্ৰামাঞ্চলৰ শিক্ষা আৰু স্বাস্থ্যখণ্ডৰ উন্নয়নত গুৰুত্ব দিছে চৰকাৰে । কিন্তু এই আঁচনিবোৰ ৰূপায়ণত বিভিন্ন ধৰণৰ কেলেংকাৰী হোৱা দেখা গৈছে । গ্ৰামাঞ্চলৰ ৰাইজৰ অজ্ঞাতে একাংশ লোকে আঁচনি ৰূপায়ণত কেলেংকাৰী সংঘটিত কৰা দেখা গৈছে (Govt scheme scam)।

বিশেষকৈ ঠিকাদাৰসকলে বিভিন্ন প্ৰকল্পত কেলেংকাৰী সংঘটিত কৰাৰো অভিযোগ উত্থাপন হৈ আহিছে । এইবাৰ তেনে এক দুৰ্নীতি সংঘটিত হৈছে ধেমাজি জিলাৰ স্বাস্থ্যখণ্ডত (Scam in Dhemaji health department)। জিলাখনৰ জোনাইৰ নামনিবালি উপ-স্বাস্থ্য কেন্দ্ৰ আৰু কল্যাণ কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ নামত বিয়াগোম দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে (Health center construction corruption)। ৰাইজে অভিযোগ কৰা মতে উক্ত কামৰ দায়িত্বত থকা ঠিকাদাৰজনে আঁচনিৰ মোটা অংশৰ ধন হৰলুকি কৰাৰ মানসেৰে বিভিন্ন ধৰণৰ কেলেংকাৰী সংঘটিত কৰিছে ।

অভিযোগ অনুসৰি নীতিবৰ্হিভূতভাৱে কোনোধৰণৰ নাম ফলক নোহোৱাকৈ নিৰ্মাণকাৰ্য আৰম্ভ কৰাৰ উপৰিও অতি নিম্নমানৰ কাম কৰিছে । নিম্ন মানৰ ৰড, চিমেণ্ট আৰু বোকা-পলসযুক্ত বালি ব্যৱহাৰ কৰি ঠিকাদাৰে উক্ত উপ-স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ গৃহ নিৰ্মাণ কৰাৰ অভিযোগ কৰিছে ৰাইজে ৷ যাৰ ফলত গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ নৌহওঁতেই জহি খহি যাবলৈ আৰম্ভ কৰিছে ঘৰটো । ঠিকাদাৰৰ এনে কাৰ্যক লৈ জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ (Contractor involved in corruption)।

ইয়াৰ উপৰিও নৱনিৰ্মিত গৃহটোত ব্যৱহাৰ কৰা খিৰকী আৰু দুৱাৰৰো কাঠসমূহ নিম্নমানৰ বুলি অভিযোগ কৰিছে ৰাইজে । উপ-স্বাস্থ্য কেন্দ্ৰ আৰু কল্যাণ কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত এনে গাফিলতিৰ বাবে ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে ।

সেয়েহে অতি শীঘ্ৰে আঁচনি নিৰ্মাণত হোৱা বিয়াগোম দুৰ্নীতি আৰু অনিয়মৰ ওপৰত অসম চৰকাৰৰ উচ্চ পদস্থ বিষয়াৰ দ্বাৰা উচিত তদন্ত কৰি আঁচনিখনৰ ঠিকাদাৰজনৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক :Car theft in Dispur: এইবাৰ বিধানসভা চৌহদৰ পৰা চুৰি হ’ল বিলাসী বাহন

ABOUT THE AUTHOR

...view details