অসম

assam

নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীলৈ শুভেচ্ছা বড়ো কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদৰ

By

Published : May 10, 2021, 8:06 PM IST

অসমৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ বড়ো কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদৰ শুভেচ্ছা ৷ জাতি-জনগোষ্ঠী, ভাষা-ভাষী, ভিন্ন ধৰ্মাৱলম্বী লোকৰ সমন্বয়ত অসমক এখন উন্নত আৰু শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ ডঃ হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান ৷

নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীলৈ শুভেচ্ছা জ্ঞাপন বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ
নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীলৈ শুভেচ্ছা জ্ঞাপন বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ

জোনাই,৯ মে':নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে বড়ো কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদে । বড়ো কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে এই শুভেচ্ছা জ্ঞাপন কৰে ৷

সাম্প্ৰতিক সময়ৰ অসমৰ জটিল পৰিস্থিতি মোকাবিলা কৰি অসমৰ সুৰক্ষা আৰু নিৰাপত্তা প্ৰদানৰ জৰিয়তে ৰাজ্যখনৰ সৰ্বাংগীণ উন্নয়ন আৰু বিকাশৰ লক্ষ্যত উপনীত কৰিবলৈ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দৰে এগৰাকী দক্ষ, কৰ্মোদ্যমী নেতাৰ প্ৰয়োজন বুলি শুভেচ্ছা বাৰ্তাত উল্লেখ কৰে ।

নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীলৈ শুভেচ্ছা বড়ো কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদৰ

আগন্তুক দিনত মুখ্যমন্ত্ৰী হিচাপে অসমৰ সকলো জাতি-জনগোষ্ঠী, ভাষা-ভাষী, সকলো ধৰ্মাৱলম্বী লোকৰ সমন্বয়ত অসমক এখন উন্নত আৰু শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ মুখ্যমন্ত্ৰী শৰ্মালৈ আহ্বান জনাইছে বড়ো কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান মিহিনিশ্বৰ বসুমতাৰীয়ে ।

লগতে পঢ়ক :ক'ভিড-১৯: বিগত ২৪ ঘণ্টাত মিজোৰামত ৫ জনৰ মৃত্যু

ABOUT THE AUTHOR

...view details