অসম

assam

ETV Bharat / state

ধেমাজিত তিনি লক্ষাধিক টকাৰ জালনোট জব্দ

দুৰ্নীতি আৰু অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ ধেমাজি সদৰ আৰক্ষীয়ে সোমবাৰে অভিযান চলাই প্ৰায় তিনি লক্ষাধিক টকাৰ জালনোট জব্দ কৰাৰ লগতে এটা জালনোট ব্যৱসায়ী চক্ৰক গ্ৰেপ্তাৰ কৰে ৷

By

Published : Nov 1, 2021, 10:30 PM IST

Fake note seized at Dhemaji
জালনোট ব্যৱসায়ী চক্ৰ

ধেমাজি, ১ নৱেম্বৰ :ধেমাজি সদৰ আৰক্ষীয়ে সোমবাৰে জালনোটৰ ব্যৱসায়ৰ সৈতে জড়িত এটা অপৰাধী চক্ৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধেমাজি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিতেশ শৰ্মা আৰু নগৰ উপ পৰিদৰ্শক নেকিব আহমেদৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলাই জালনোটৰ ব্যৱসায়ৰ সৈতে জড়িত থকা অপৰাধী চক্ৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

জালনোট ব্যৱসায়ী চক্ৰ

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মৰিঢলত দীৰ্ঘদিন ধৰি জালনোটৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছিল এই চক্ৰটো ৷ সোমবাৰে এখন বলেৰ গাড়ী (AR 22 1008) আৰু এখন হোণ্ডা চিটি গাড়ীৰে ( AS ২২ A 8777 ) চাৰিজন জালনোট ব্যৱসায়ী ধেমাজি চিমেন চাপৰিৰ পৰা ধেমাজি সদৰলৈ আহি আছিল থকা সময়তে ধেমাজি আৰক্ষীৰ হাতত আটক হয় ৷ ধেমাজি আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত মৰিঢলত খাপ পিটি থাকে আৰু গাড়ী দুখনত অহা চাৰিজনীয়া জালনোট ব্যৱসায়ীকেইটাক মূহুৰ্ততে ঘেৰাও কৰি আটক কৰিবলৈ সক্ষম হয় ৷

ধেমাজি সদৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া

আৰক্ষীয়ে আটক কৰা চাৰি জালনোট ব্যৱসায়ীকেইটা গোগামুখৰ আবু খান, মনজিৎ কৰ্মকাৰ, চিমেন চাপৰিৰ গৌতম শীল আৰু লীলা গগৈ বুলি জানিব পৰা হৈছে ৷ এই দুৰ্ধৰ্ষ চাৰিটা জালনোট ব্যৱসায়ীৰ পৰা আৰক্ষীয়ে হাতেলোটে নগদ ৩ লাখ টকাৰ জালনোট জব্দ কৰাৰ উপৰি ৬ টা ম’বাইল ফোন জব্দ কৰে ৷ সম্প্ৰতি জালনোট ব্যৱসায়ীকেইটাৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক :বকলীয়াঘাটত চোৰাং কাঠসহ ১০ জনক আটক

ABOUT THE AUTHOR

...view details