অসম

assam

By

Published : Aug 1, 2020, 6:53 PM IST

ETV Bharat / state

ধেমাজিত জীৱন প্ৰজ্বলৰ উদ্যোগত বান সাহাৰ্য প্ৰদান

ধেমাজিত জীৱন প্ৰজ্বল নামৰ এক বেচৰকাৰী সংগঠনৰ উদ্যোগত বান সাহাৰ্য প্ৰদান কৰে ৷

ধেমাজিত জীৱন প্ৰজ্বলৰ উদ্যোগত বান সাহাৰ্য প্ৰদান
ধেমাজিত জীৱন প্ৰজ্বলৰ উদ্যোগত বান সাহাৰ্য প্ৰদান

ধেমাজি, 1 আগষ্ট : বানৰ কৱলত পৰিছে ধেমাজি জিলাৰ বিস্তীৰ্ণ অঞ্চল ৷ জিলাখনত জীয়াঢল,গাই,চিমেন,ডিমৌ আৰু চিয়াং নদীয়ে বিস্তৰ ক্ষতিসাধন কৰিছে ৷ ভালেসংখ্যক লোক বানৰ কৱলত পৰি মাটি,ভেটি হেৰুৱাই নিৰাপদ ঠাইত আশ্ৰয় গ্ৰহণ কৰিছে ৷

ধেমাজিত জীৱন প্ৰজ্বলৰ উদ্যোগত বান সাহাৰ্য প্ৰদান

চৰকাৰে নামমাত্ৰ সাহাৰ্য প্ৰদান কৰি আহিছে যদিও সেয়া পৰ্যাপ্ত পৰিমাণৰ নহয় ৷ এনেক্ষেত্ৰত আগবাঢ়ি আহিছে স্বেচ্ছাসেৱী অনুষ্ঠান তথা মানৱ দৰদী লোক ৷

জীয়াঢলৰ বানৰ তাণ্ডৱত সৰ্বস্বান্ত পৰিয়ালৰ বানাক্ৰান্তৰ কাষত উপস্থিত হয় এটা বেচৰকাৰী সংগঠন জীৱন প্ৰজ্বল ৷ বুধবাৰে সংগঠনটোৱে জীয়াঢলৰ বানত ঘৰ-বাৰী হেৰুৱাই সৰ্বস্বান্ত হোৱা জীয়াঢল পঞ্চায়তৰ অন্তৰ্গত কেকুঁৰী চাপৰিৰ ১৫ টা পৰিয়াল আৰু বৰমজানত নিজাকৈ শিবিৰ নিৰ্মাণ কৰি থকা ১০টা পৰিয়ালৰ মাজত চাউল,দালিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰে ৷ পৰৱৰ্তী সময়ত পুনৰ বানাক্ৰান্তক সহায় কৰিব বুলি মন্তব্য কৰে এনজিঅ'ৰ সভাপতি বাবুল গগৈয়ে ৷

লগতে পঢ়কঃবিলাসীপাৰাত গৌৰাং নৈৰ বাঢ়নি পানীত প্লাৱিত অৰ্ধ শতাধিক গাঁও

ABOUT THE AUTHOR

...view details