অসম

assam

By

Published : Aug 19, 2022, 10:47 AM IST

ETV Bharat / state

গো-পালকে খেতিপথাৰত পশুধন এৰি খেতিয়কৰ অনিষ্ট কৰাৰ অভিযোগ

বিভিন্ন সমস্যাৰে জৰ্জৰিত জোনাইৰ খেতিয়কৰ বাবে এইবাৰ আন এক গুৰুতৰ সমস্যা । এইবাৰ গো-পালকে ইচ্ছাকৃতভাৱে প্ৰায় ৬০ টা পৰিয়ালৰ কৃষিভূমিত গৰু-ম'হ এৰি দিয়াত বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে কৃষকসকল(Clash between cow herders and farmers) ।

farmers of jonai in trouble
জোনাইত ইচ্ছাকৃতভাৱে গো-পালকে খেতিপথাৰত পশুধন এৰি খেতিয়কৰ অনিষ্ট কৰাৰ অভিযোগ

জোনাই,১৯ আগষ্ট: ধেমাজি জিলাৰ জোনাইৰ মুনমুনি চাপৰিৰ টাক মুনমুনি গাঁৱৰ ৰাইজৰ পথাৰত একাংশ গো পালকে গৰু-ম'হ এৰি পথাৰৰ সেউজীয়া ধাননি বিধ্বস্ত কৰাৰ অভিযোগ । টাক মুনমুনি গাঁৱৰ শ শ বিঘা পথাৰৰ সেউজীয়া ধাননিত একাংশ গো পালকে গৰু-ম'হ এৰি দিয়াত অনাগত দিনৰ কথা চিন্তা কৰি দুখীয়া কৃষক ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ।

জোনাইত ইচ্ছাকৃতভাৱে গো-পালকে খেতিপথাৰত পশুধন এৰি খেতিয়কৰ অনিষ্ট কৰাৰ অভিযোগ

জানিব পৰামতে জোনাই ৰাজহ চক্ৰ তথা লাইমেকুৰী গাঁও পঞ্চয়তৰ অন্তৰ্গত মুনমুনি চাপৰিত ১৯৯৫ চনৰ পৰা মুনমুনি চৰ চাপৰিৰ ভুমিত দখল কৰি খেতি-বাতি কৰি আহিছে প্ৰায় ৬০ টা পৰিয়ালে । অৱশেষত ২০১২ চনত জোনাই ৰাজহ বিভাগৰ দ্বাৰা উক্ত মাটিৰ জৰীপ পট্টা লাভ কৰে মুনমুনি টাক গাঁৱৰ ৬০ টা পৰিয়ালে । লাভ কৰি আহিছে চৰকাৰী আৱাস গৃহ তথা কিষাণ নিধিৰ দৰে চৰকাৰৰ বিভিন্ন আঁচনি পর্যন্ত ।

কিন্তু একাংশ গো পালকে উক্ত টাক মুনমুনি গাঁৱৰ ৬০ টা পৰিয়ালে জোনাই ৰাজহ চক্ৰ বিভাগৰ দ্বাৰা চৰকাৰীভাৱে আৱন্টিত গৰু-ম'হ চৰণীয়া ভুমি দখল কৰি খেতি-বাতি কৰি অহা বুলি বিভিন্ন সময়ত বিবাদ-বিতর্ক চলাই আহিছে(Clash between cow herders and farmers) । উক্ত সীমা বিবাদক লৈ জোনাই মহকুমা প্রশাসন, ৰাজহ বিভাগ তথা স্থানীয় জাতীয় সংগঠনে কেইবাৰো মুনমুনি চাপৰিত গৈ চৰজমিন তদন্ত কৰাও পৰিলক্ষিত হৈছিল ।

এনে সময়তে পুনৰ একাংশ গো পালকে ৰাইজৰ শ শ বিঘা খেতি পথাৰৰ সেউজীয়া ধাননিত গৰু-মহ এৰি দি খাই বিধ্বস্ত কৰিব দিয়া বুলি অভিযোগ কৰিছে টাক মুনমুনি গাঁৱৰ খেতিয়ক ৰাইজে । ফলত অনাগত দিনত খেতিয়ক ৰাইজে পৰিয়ালক লৈ কেনেদৰে জীয়াই থাকিব, ইয়াকে লৈয়ে চিন্তিত হৈ দিন কটাইছে । ইফালে মুনমুনি টাক গাঁৱৰ ৰাইজৰ পথাৰৰ ধাননিত গো পালকসকলে চলাই অহা এনে কাৰ্যক শীঘ্ৰে প্ৰশাসনে হস্তক্ষেপ কৰি স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে জোনাই মহকুমা প্রসাসনক ।

লগতে পঢ়ক:পত্নী সন্তানক লগত লৈ কে এল অ’ৰ সাধাৰণ সম্পাদকৰ আত্মসমৰ্পন

For All Latest Updates

ABOUT THE AUTHOR

...view details