অসম

assam

ETV Bharat / state

ধেমাজিত দুদিনীয়া কাৰ্যসূচীৰে চুকাফা দিৱস

ধেমাজিত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা চুকাফা দিৱস আৰু আহোম জাতীয় মহা অভিবৰ্তনৰ অন্তিম দিনৰ শোভাযাত্ৰা বুধবাৰে সমাপ্ত হয় ৷ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে একাধিক লোকে ৷

By

Published : Dec 3, 2020, 10:23 AM IST

Dhumaji Chukafa Day celebration_
ধেমাজিত দুদিনীয়া কাৰ্যসূচীৰে চুকাফা দিৱস

ধেমাজি, 3 ডিচেম্বৰ:বুধবাৰে সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজি জিলাতো পালন কৰা হয় কেন্দ্ৰীয় চুকাফা দিৱস ৷ জিলাখনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা চুকাফা দিৱস আৰু আহোম জাতীয় মহা অভিবৰ্তনৰ অন্তিম দিনৰ শোভাযাত্ৰাৰ বুধবাৰে সমাপ্তি ঘটে ৷ ১ ডিচেম্বৰৰ পৰা 2 ডিচেম্বৰলৈকে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জিলাখনৰ হাতীগড়স্থিত লাচিত খেলপথাৰত অনুষ্ঠিত হৈছিল আহোম কেন্দ্ৰীয় চু্কাফা দিৱস আৰু আহোম জাতীয় মহা অভিবৰ্তন ৷ অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি, বুধবাৰে পুৱা পতাকা উত্তোলন, মৈদাম তৰ্পন আৰু বৃক্ষ ৰোপন কৰাৰ পিছতেই দুপৰীয়া হাতীগড়ৰ পৰা ধেমাজি তেলিজানলৈকে বাৰে-ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে একাধিক লোকে ৷

ধেমাজিত দুদিনীয়া কাৰ্যসূচীৰে চুকাফা দিৱস

ABOUT THE AUTHOR

...view details