অসম

assam

By

Published : Mar 9, 2020, 5:58 PM IST

ETV Bharat / state

এলাগী হৈ ৰ'ল ধেমাজিৰ নৱৰ্নিমিত ৰাজহুৱা শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ !

ধেমাজি নগৰৰ চাৰিআলিত অসাৰ হ'ল স্বচ্ছতাৰ শ্ল'গান ৷ মুকলি নোহোৱাকৈ এলাগী হ'ল ধেমাজিৰ নৱৰ্নিমিত ৰাজহুৱা শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ । স্থানীয় ব্যৱসায়ী আৰু ৰাইজে শীঘ্ৰে শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰটো মুকলি কৰিবলৈ আহ্বান জনাইছে সংশ্লিষ্ট বিভাগক ৷

ধেমাজি
এলাগী হৈ ৰ'ল ধেমাজিৰ নৱৰ্নিমিত ৰাজহুৱা শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ!

ধেমাজি , 9 মাৰ্চ :মুকলি কৰাৰ আগতেই এলাগী হৈ পৰিল ধেমাজি নগৰৰ চাৰিআলিস্থিত নৱনিৰ্মিত প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰৰ ৷ প্ৰায় এবছৰ পূৰ্বে সংশ্লিষ্ট বিভাগে ধেমাজি নগৰৰ অতি ব্যস্ত জনসমাগম অঞ্চলত প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰ নিৰ্মাণ কৰে যদিও আজিকোপতি জনসাধাৰণৰ ব্যৱহাৰৰ বাবে মুকলি কৰি দিয়া নাই ।

এলাগী হৈ ৰ'ল ধেমাজিৰ নৱৰ্নিমিত ৰাজহুৱা শোচাগাৰ আৰু প্ৰস্ৰাৱগাৰ!

ফলত আটকধুনীয়াকৈ নিৰ্মিত ৰাজহুৱা শৌচাগাৰ প্ৰস্ৰাৱগাৰটো এলাগী হৈ পৰিছে । ক্ৰমাৎ পকী দেৱাল ৰংবিহীন হৈ পৰা আৰু স্বচ্ছতাৰ ওপৰত অংকন কৰা ছৱিসমূহ নাইকীয়া হোৱাৰ উপক্ৰম হৈছে । বিশেষকৈ তলাবন্ধৰ বাবে বাহিৰৰ উন্মুক্ত পকী অংশতে বিভিন্নজনে প্ৰস্ৰাৱ কৰি লেতেৰা কৰিছে অঞ্চলটো ।

এলাগী হৈ ৰ'ল ধেমাজিৰ নৱৰ্নিমিত ৰাজহুৱা শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ!

আনহাতে, আৱৰ্জনা পেলোৱাৰ ফলত আৰু প্ৰস্ৰাৱৰ পৰা পৰা নিৰ্গত হোৱা উৎকট দূৰ্গন্ধই অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত । তাৰোপৰি বাহিৰলৈ ওলাই অহা মহিলাসকলে প্ৰস্ৰাৱ কৰাৰ ক্ষেত্ৰত সন্মুখীন হৈছে বিভিন্ন সমস্যাৰ । সেয়ে স্থানীয় ব্যৱসায়ী আৰু ৰাইজে শীৰ্ঘ্ৰে জনসাধাৰণৰ বাবে ৰাজহুৱা শোচাগাৰ আৰু প্ৰস্ৰাৱগাৰটো মুকলি কৰি দিবলৈ ধেমাজি নগৰ সমিতি তথা সংশ্লিষ্ট বিভাগক দাবী জনাইছে ।

আৰু পঢ়কঃ টাইগাৰ জ'নত পৰিণত হৈছে মালিগাঁও

ABOUT THE AUTHOR

...view details