অসম

assam

ETV Bharat / state

ধেমাজিত সম্পূৰ্ণ নহ'ল মথাউৰি,ৰাইজৰ ক্ষোভ

বাৰিষাৰ পূৰ্বে ধেমাজিত সম্পূৰ্ণ নহ'ল মথাউৰি । ঠিকাদাৰ, অভিযন্তাৰ কামত অসন্তুষ্ট স্থানীয় একাংশ ৰাইজ ৷

ধেমাজিত সম্পূৰ্ণ নহ'ল মথাউৰি,ৰাইজৰ ক্ষোভ

By

Published : May 21, 2019, 3:00 PM IST

ধেমাজি,21মে: বাৰিষাৰ আৰম্ভ হৈছে যদিও এইপৰ্যন্ত নিৰ্মান সম্পূৰ্ণ হোৱা নাই ৰাজ্যৰ বিভিন্ন ঠাইৰ মথাউৰিসমূহ । ধেমাজিৰ চকুলো খ্যাত জীয়াঢল নৈৰ কুমটীয়াৰ সোঁ-পাৰৰ মথাউৰিৰ এটা অংশ নিৰ্মীয়মান অৱস্থাতে আছে । সমগ্ৰ মথাউৰিটো কোনোবা অংশত মাটিৰ কাম সম্পূৰ্ণ হৈছে যদিও এতিয়াও কিছু অংশত আগবঢ়া নাই মথাউৰিৰ কাম । ইপিনে প্ৰতিকূল বতৰৰ বাবে সংশ্লিষ্ট বিভাগটোৰ ঠিকাদাৰে কেতিয়ালৈ নিৰ্মান সম্পূৰ্ণ কৰিব তাক লৈ সন্দিহান হৈ পৰিছে স্থানীয় ৰাইজ । এনেদৰে অসম্পূৰ্ণ হৈ থাকিলে বাৰিষাৰ বৰষুণত যিকোনো মুহূৰ্তত জীয়াঢল নৈৰ পানী বাগৰি বৰদলনিৰ বিস্তীৰ্ণ অঞ্চলত ত্ৰাস সৃষ্টি কৰাক লৈ চিন্তিত একাংশ স্থানীয় ৰাইজ ৷ ইপিনে প্ৰতিবছৰেই বাৰিষাৰ সময়তহে মথাউৰিৰ নিৰ্মানৰ কাম আৰম্ভ কৰাক লৈ ক্ষোভ উজাৰে একাংশ ৰাইজে ৷

ধেমাজিত সম্পূৰ্ণ নহ'ল মথাউৰি,ৰাইজৰ ক্ষোভ

ABOUT THE AUTHOR

...view details