অসম

assam

By

Published : Mar 10, 2023, 10:38 PM IST

ETV Bharat / state

Bengali Youth Students Federation: ২৬ এপ্ৰিলৰ আৰম্ভ হ’ব বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ কেন্দ্ৰীয় অধিৱেশন

অহা ২৬, ২৭ আৰু ২৮ এপ্ৰিলত ধেমাজি জিলাৰ জোনাইৰ নেতাজী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ কেন্দ্ৰীয় অধিৱেশন (Bengali Youth Students Federation central session) ৷ এইবাৰ অধিৱেশনত বহুভাষিক স্মৃতিগ্ৰন্থ প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰে সংগঠনটোৱে ৷

Bengali Youth Students Federation central session
২৬ এপ্ৰিলৰ আৰম্ভ হ’ব বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ কেন্দ্ৰীয় অধিৱেশন

২৬ এপ্ৰিলৰ আৰম্ভ হ’ব বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ কেন্দ্ৰীয় অধিৱেশন

জোনাই, ১০ মাৰ্চ: বৃহস্পতিবাৰে সদৌ অসম বাঙালী যুৱ ছাত্র ফেডাৰেছনৰ (Bengali Youth Students Federation central session) ধেমাজি জিলা সমিতিয়ে ভৈৰৱপুৰ আঞ্চলিক বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ মুখ্য কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ ৰাজহুৱা সভ অনুষ্ঠিত কৰা কৰে ৷ সদৌ অসম বাঙালী যুৱ ছাত্র ফেডাৰেছনৰ উপদেষ্টা অজয় চক্ৰৱৰ্তীৰ (Advisor Ajoy Chakraborty ) সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সংগঠনটোৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ধৰ্মেন্দ্ৰ দাসে ।

সভাত উপস্থিত থাকি বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে কয় অসমৰ বাঙালী সমাজে ৰাজ্যখনৰ অৰ্থনৈতিক ভেঁটি নিৰ্মাণত নিৰলসভাৱে কাম কৰি আহিছে ৷ বঙালী লোকসকলে নিজস্ব পৰিচয় শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ লগতে অসমৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত ঐক্য, শান্তি আৰু বিকাশৰ বাবেও অভূতপূৰ্ব অৰিহণা যোগাই আহিছে ৷ বঙালীসকলৰ আত্মনিয়ন্ত্ৰণৰ বাবে চলোৱা সংগ্ৰামখন যাতে অধিক শক্তিশালী আৰু জনখুমী হয় তাৰবাবে আগন্তুক দিনত সংগঠনটোৱে সবল নেতৃত্ব বহন কৰিব লাগিব ৷

অহা ২৬, ২৭ আৰু ২৮ এপ্ৰিলত ধেমাজি জিলাৰ জোনাইৰ নেতাজী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ (All Assam Bengali Youth Students Federation) কেন্দ্ৰীয় অধিৱেশন ৷ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ পঞ্চদশ দ্বি-বাৰ্ষিক আৰু ধেমাজি জিলা সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশনখন সফল কৰি তুলিবলৈ জিলাখনৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ ৰাইজে আগবাঢ়ি আহিব লাগিব বুলি সংগঠনটোৱে আহ্বান জনায় ৷

এই সভাত অৱসৰপ্ৰাপ্ত শিক্ষক গোপাল চন্দ্ৰ দাস, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী, ইউবিপিঅৰ উপাধ্যক্ষ জোনাৰাম ব্ৰহ্ম, সমাজকৰ্মী ৰবীন্দ্ৰ নাথ,ৰাজেন্দ্ৰ মণ্ডল, ইউবিপিঅৰ উপদেষ্টা শুক্ৰেশ্বৰ গয়াৰী, গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক তোলন সোণোৱাল উপস্থিত থাকে ৷

এই ৰাজহুৱা সভাতে অধিৱেশনৰ অভ্যৰ্থনা সমিতিখনে মূল সমিতিৰ পৰা দায়িত্ব আৰু কাৰ্যভাৰ গ্ৰহণ কৰে। এই সভাতেই বিত্ত, খাদ্য, প্ৰচাৰ, মঞ্চ আৰু মণ্ডপ, পোহৰ আৰু শব্দ, তোৰণ,পতাকা উত্তোলন, সৌন্দৰ্য্য বৰ্ধন,পানী যোগান, অনাময়, সাংস্কৃতিক, স্বেচ্ছাসেৱী, স্বচ্ছতা, কাৰ্য্যসূচী প্ৰস্তুতকৰণ,পৰিবহন, অতিথি আপ্যায়ন, গামোচা যোগান, লঘু আহাৰ, স্বাস্থ্য আদি কেবাখনো পূৰ্নাংগ উপ সমিতি গঠন কৰে ৷ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ কেন্দ্ৰীয় আৰু ধেমাজি সমিতিৰ আগন্তুক যৌথ অধিৱেশনত অভ্যৰ্থনা সমিতিয়ে অসমীয়া, বাঙালী, ইংৰাজী, হিন্দী, বড়ো, মিচিং, নেপালী ভাষাত এখন বহুভাষিক স্মৃতিগ্ৰন্থ প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

বৃহস্পতিবাৰে পুৱা লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাইৰ বিধায়ক ভূৱন পেগুয়ে প্ৰস্তাৱিত অধিৱেশনস্থলী পৰিদৰ্শন কৰে ৷

লগতে পঢ়ক:Record sale of Liquor in Assam: ফাকুৱাৰ দুদিনত সমগ্ৰ অসমত ১০ কোটিৰো অধিক টকাৰ সুৰা বিক্ৰীৰ অভিলেখ

ABOUT THE AUTHOR

...view details