অসম

assam

ETV Bharat / state

বাঢ়নী পানীত বুৰ যোৱাৰ উপক্ৰম দহখন গাঁৱৰ একমাত্ৰ যাতায়তৰ মাধ্যম

বুঢ়িসূঁতি নদীৰ বাঢ়নী পানীত বুৰ যোৱাৰ উপক্ৰম চেঙাজানৰ দহখন গাঁৱৰ ৰাইজৰ একমাত্ৰ যাতায়তৰ মাধ্যম এখন বাঁহৰ দলং ৷ হাত নাৱেৰে যাত্ৰা কৰাৰ গতন্ত্যৰ নাই নৈপৰীয়া ৰাইজৰ ৷ যাতায়তৰ উপযুক্ত ব্যৱস্থাৰ দাবী বিভিন্ন সংগঠনৰ ৷

By

Published : May 16, 2021, 5:04 PM IST

bamboo bridge communicating many villages are about to be under water
বাঢ়নী পানীত বুৰ যোৱাৰ উপক্ৰম দহখন গাঁৱৰ একমাত্ৰ যাতায়তৰ মাধ্যম

জোনাই, 16 মে':জোনাই বিধানসভা সমষ্টিৰ চমকং গাঁও পঞ্চায়তৰ অন্তৰ্গত চেঙাজান অঞ্চলৰ যাতায়ত ব্যৱস্থা আজিও নহয় সুৰক্ষিত । স্বৰাজোত্তৰ কালৰ পৰা ব্ৰহ্মপুত্ৰ আৰু লালী নদীৰ বুকুত বসতি স্থাপন কৰা চেঙাজান গোৱালা, সৌৰাংশ্ৰী, লালী নদীৰ দাতিকাষত অৱস্থিত চেঙাজান কৈবৰ্ত, অপ্সৰা, লাম্বা চাপৰি, লাম্বা মিলন, লাম্বা মিচিং, পাকৰী, কাংকান চাপৰি, বদলপুৰকে ধৰি দহখনৰো অধিক নৈপৰীয়া কৃষিজীৱি গাঁৱৰ ৰাইজে দশক দশক ধৰি হাত নাওঁ, চাইকেলেৰে বহিঃজগতৰ সৈতে কষ্টকৰ যাতায়ত যোগে সম্পৰ্ক ৰাখিবলগীয়া হৈ আহিছে ।

চেঙাজানৰ নৈপৰীয়া গাঁও কেইখনত আজিলৈকে এখনো হাইস্কুল নথকাৰ লগতে উপ স্বাস্থ্য কেন্দ্ৰ এটাও নাই বৃহত্তৰ অঞ্চলটোত । ফলত কেবাটাও দশক ধৰি বছৰটোৰ সৰহভাগ দিনেই হাত নাঁৱেৰে লালী নদী পাৰ হোৱাৰ লগতে খৰালিত এখন বাঁহৰ দলঙেই যাতায়তৰ একমাত্ৰ ভৰষা হৈ পৰে গাঁওবাসীৰ । অঞ্চলটোৰ ৰাইজ ৰোগত আক্ৰান্ত হ’লে চিকিৎসা সেৱাৰ সন্ধানত ঠেলা, হাত নাঁৱৰ বাদে আন যাতায়ত ব্যৱস্থা আজিও নাই ।

বাঢ়নী পানীত বুৰ যোৱাৰ উপক্ৰম দহখন গাঁৱৰ একমাত্ৰ যাতায়তৰ মাধ্যম

প্ৰতিবছৰে বাৰিষাৰ সময়চোৱাত ছাত্ৰ-ছাত্ৰীয়ে হাত নাঁৱেৰে বিপদসংকুল যাতায়ত কৰি স্কুল,কলেজলৈ আহা যোৱা কৰি আহিছে দীৰ্ঘদিন ধৰি । চেঙাজান অঞ্চলৰ নৈপৰীয়া কৃষিজীৱি ৰাইজে দৈনন্দিন জীৱন অতিবাহিত কৰি আহিছে কষ্টকৰ যাতায়ত ব্যৱস্থাৰে ।

উল্লেখ্য যে, চেঙাজান অঞ্চলত প্ৰচুৰ সৰিয়হ,মটৰমাহ,মাটিমাহ,আলু আদি উৎপাদন কৰি অহাৰ লগতে চেঙাজান গোৱালা গাঁৱৰ গোপালক সকলে গাখীৰ, গোমধান, বিভিন্ন শাক-পাচলি উৎপাদন কৰি আহিছে যদিও যাতায়ত ব্যৱস্থা সুচল নোহোৱাৰ ফলত কৃষক ৰাইজৰ উৎপাদিত সামগ্ৰী সমূহ বজাৰলৈ উলিয়াই নিবলৈ বহু সমস্যাত ভূগি আহিব লগা হৈ আহিছে ।

বিগত দিনৰ চৰকাৰ সমূহে চেঙাজান অঞ্চলৰ যাতায়ত ব্যৱস্থা উন্নয়নৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰি চুড়ান্ত অৱহেলা আৰু উদাসীনতা প্ৰদৰ্শন কৰি অহা পৰিলক্ষিত হৈছে ৷ ইফালে খৰালি কালত চেঙাজান অঞ্চলৰ নৈপৰীয়া ৰাইজৰ যাতায়তৰ বাবে লালী, কাৱৈমাৰী নদীৰ ওপৰত ৰাইজে নিৰ্মাণ কৰা বাঁহৰ দলঙখনো বুঢ়ীসূঁতি নদীৰ বাঢ়নী পানীত বুৰ যাবলৈ এফুট মানহে বাকী আছে । বাঁহৰ দলঙখন নদীৰ সোঁতে উটুৱাই নিয়াৰ পিছত হাত নাৱেৰে পাৰাপাৰ কৰাৰ বিকল্প নাথাকিব চেঙাজানৰ নৈপৰীয়া ৰাইজৰ ।

ইপিনে, অঞ্চলটোৰ যাতায়তৰ উপযুক্ত ব্যৱস্থা কৰিবলৈ দাবী জনাইছে গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ চমকং আঞ্চলিক সমিতিৰ সভাপতি কান্দা টায়েং , সাধাৰণ সম্পাদক বিনোদ বড়ো, অখিল অসম ভোজপুৰী পৰিষদৰ চেঙাজান আঞ্চলিক সমিতিৰ সভাপতি চন্দন মাঝি , সাধাৰণ সম্পাদক ৰোহিত মালা, চেঙাজান উন্নয়ন সমিতিৰ সভাপতি সঞ্জয় কুটুম আৰু সাধাৰণ সম্পাদক পুণেশ্বৰ শইকীয়াই ।

লগতে পঢ়ক :মহামাৰীয়ে বিপদ মাতিছে মাজুলীৰ মুখা শিল্পলৈ

ABOUT THE AUTHOR

...view details