অসম

assam

ETV Bharat / state

ধেমাজিত সাংসদ উন্নয়ন পুঁজিৰ টকা লুণ্ঠনৰ অভিযোগ : শিক্ষামন্ত্ৰীৰ প্ৰতিক্ৰিয়া - লুণ্ঠনৰ অভিযোগ

ৰাজহুৱা ভৱন নিৰ্মানৰ বাবে আৱন্টন হোৱা টকা লুণ্ঠনৰ অভিযোগ অগপৰ জিলা সভাপতিৰ বিৰুদ্ধে ৷ আৱন্টন হোৱা দহ লাখ টকা কোন কাম নকৰাকৈ হৰলুকী কৰাৰ অভিযোগ অসম গণ পৰিষদৰ ধেমাজি জিলা সভাপতি লক্ষীধৰ শেনচোৱাৰ বিৰুদ্ধে ৷

Allegation of Corruption
অগপৰ জিলা সভাপতিৰ বিৰুদ্ধে অভিযোগ

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 5:58 PM IST

সাংসদ উন্নয়ন পুঁজি লুণ্ঠনৰ অভিযোগ

ধেমাজি, 13 নৱেম্বৰ : সমূহীয়া ভৱন নিৰ্মানৰ বাবে আৱন্টন হোৱা টকা লুণ্ঠনৰ অভিযোগ অগপৰ জিলা সভাপতিৰ বিৰুদ্ধে ৷ কোনো কাম নকৰাকৈ দহ লাখ টকা লুণ্ঠনৰ অভিযোগ অসম গণ পৰিষদৰ ধেমাজি জিলা সভাপতি লক্ষীধৰ শেনচোৱাৰ বিৰুদ্ধে ৷

এই সন্দৰ্ভত বুধবাৰে ধেমাজিৰ গোহাঁই গাওঁ পঞ্চায়তৰ এখন সভাত অংশ লবলৈ আহি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ সাংসদ পুঁজিৰ কেলেংকাৰীৰ অভিযোগ সন্দৰ্ভত সাংবাদিকৰ আগত বিষয়টো বিভাগে তদন্ত কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

উল্লখ্য যে সমূহীযা ভৱন নিৰ্মাণৰ বাবে আৱন্টন হোৱা দহ লাখ টকা কোন কাম নকৰাকৈ হৰলুকী কৰাৰ অভিযোগ অসম গণ পৰিষদৰ ধেমাজি জিলা সভাপতি লক্ষীধৰ শেনচোৱাৰ বিৰুদ্ধে ৷ লক্ষীধৰ শেনচোৱা কেৱল অসম গণ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতিয়েই নহয়, অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন বৰ্ডৰো উপাধ্যক্ষ ৷ ৰাজহুৱা ভৱন নিৰ্মাণৰ নামত কোনো কাম নকৰাকৈ আৱন্টিত দহ লাখ টকা সভাপতিগৰাকীয়ে আত্মসাৎ কৰাৰ অভিযোগ অগপ তৃণমূল কৰ্মীৰ ৷

ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ সাংসদ উন্নয়ন পুঁজিৰ পৰা Construction of Community Hall Near Assam Gana Parisad Office Dhemaji under MPLAD ( R/S ) for year 2019 -20 দহ লাখ টকা আৱন্টিত হৈছিল Order No - DD. DCP - 310/MPLAD RS 2019-20 Dated 5th January যোগে ৷ কিন্তু অগপৰ ধেমাজি জিলা সমিতিৰ কাৰ্যালয়ৰ কাষত কোনো ৰাজহুৱা ভৱন আজিলৈকে নিৰ্মাণ কৰা হোৱা নাই ৷

কিন্তু 17 / 01 /2023 তাৰিখে এপেক্স বেংকৰ ধেমাজি শাখাৰ পৰা লক্ষীধৰ শেনচোৱাৰ এছ বি আইৰ ধেমাজি শাখাত থকা ব্যক্তিগত একাউন্টলৈ ছয় লাখ টকা ট্ৰেন্সফাৰ হোৱাৰ লগতে একেই তাৰিখত নগদ এক লাখ টকা লক্ষীধৰ শেনচোৱাই উলিয়াই নিয়াৰ অভিযোগ কৰি অগপৰ ধেমাজিৰ তৃণমূল কৰ্মীয়ে মুখ্যমন্ত্ৰীলৈ তদন্তৰ দাবী কৰি পত্ৰ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :যোৰহাটত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাম-কাজক লৈ ক্ষুব্ধ মন্ত্ৰী জয়ন্ত মল্ল

ABOUT THE AUTHOR

...view details