জোনাই, ৭ এপ্ৰিল: ধেমাজি জিলাৰ জোনাইৰ চিলাপথাৰত শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বঙালী জাতীয় পৰিষদৰ ধেমাজি জিলাৰ সপ্তম দ্বি-বাৰ্ষিক অধিৱেশন ৷ আজি এই অনুষ্ঠানৰ দ্বিতীয়টো কাৰ্যসূচী হিচাপে এখন মুকলি সভাৰ আয়োজন কৰা হয় ৷ এই সভাত হিন্দু বাঙালী সকলৰ জ্বলন্ত সমস্যাৰ ওপৰত হোৱা পৰ্যালোচনাত বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে বক্তাসকলে (All Assam Bengali Jatiya Parishad slams BJP) ৷
বঙালী জাতীয় পৰিষদৰ নেতা ৰঞ্জিৎ কুমাৰ ৰয়ে কয় যে, হিন্দুত্বৰ শ্লোগানৰে শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ দিনত অসমত লাঞ্চনা-বঞ্চনাৰ সন্মুখীন হৈছে হিন্দু বঙালী লোকসকল । বিজেপি চৰকাৰখনে ডি-ভোটাৰ, বিদেশীৰ জাননী, ডিটেনশ্যন কেম্পৰ নামত হিন্দু বঙালী লোকসকলক ষড়যন্ত্ৰমূলকভাৱে হাৰাশাস্তি কৰিছে (All Assam Bengali Jatiya Parishad react on NRC) ৷ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ডি-ভোটাৰ, বিদেশী সমস্যা, ডিটেনশ্যন কেম্পত থকা প্ৰকৃত ভাৰতীয় হিন্দু-বঙালীসকলক বিনা চৰ্তে মুকলি কৰি দিবলৈ তেওঁ দাবী জনায় (All Assam Bengali Jatiya Parishad demand rights) ৷ অন্যথা নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ বঙালীসকল সাজু আছে বুলি ৰয়ে উল্লেখ কৰে ।