অসম

assam

By

Published : Feb 3, 2020, 2:54 AM IST

ETV Bharat / state

শ্বেত বিপ্লৱেৰে ধেমাজিৰ গোপা বিশ্বকৰ্মাই দাঙি ধৰিছে অনন্য নিদৰ্শন

ধেমাজিৰ গোপা বিশ্বকৰ্মা নামৰ এগৰাকী মহিলাই দেখুৱাইছে শ্বেত বিপ্লৱ ৷ শিক্ষিত মহিলাগৰাকীৰ কৰ্মৰাজি নিঃসন্দেহে প্ৰশংসনীয় । আন দহজনৰ বাবে হৈ পৰিছে আৰ্দশ আৰু কৰ্ম অনুপ্ৰেৰণাৰ উৎস ।

A milk dairy farm starts by a women in Dhemaji
শ্বেত বিপ্লৱেৰে ধেমাজিৰ গোপা বিশ্বকৰ্মাই দাঙি ধৰিছে অনন্য নিদৰ্শন

ধেমাজি, ২ ফেব্ৰুৱাৰীঃধেমাজিৰ এগৰাকী মহিলাৰ শ্বেত বিপ্লৱ । বিশুদ্ধ গাখীৰ খোৱাৰ প্ৰৱল ইচ্ছা আৰু একাগ্ৰতাই যাৰ মূলধন । ধেমাজিৰ বৰদলনি উন্নয়ন খণ্ডৰ অধীনৰ জয়ৰামপুৰ অঞ্চলত গোপা বিশ্বকৰ্মা নামৰ মহিলাগৰাকীয়ে নিৰৱে আৰম্ভ কৰিছে এই বিপ্লৱ । প্ৰথমে এজনী গাইৰে আৰম্ভ কৰা গোপা বিশ্বকৰ্মাৰ দুগ্ধ ফাৰ্ম এতিয়া অঞ্চলটোৰ এক আদৰ্শ জনপ্ৰিয় ফাৰ্মলৈ পৰিণত হৈছে । মহিলাগৰাকীয়ে ইটিভি ভাৰতৰ সংবাদদাতাৰ আগত প্ৰকাশ কৰে যে বিশুদ্ধ গাখীৰ খোৱা ইচ্ছা আৰু কামৰ প্ৰতি থকা একাগ্ৰতাই এই পৰ্যায়ত উপনীত কৰাইছে । পূৰ্বতে পশু চিকিৎসক তথা আনুসংগিক অসুবিধাৰ অনুভৱ কৰিছিল যদিও পৰিয়ালৰ সহযোগত নিয়াৰিকৈ আগবঢ়াই নিছে ফাৰ্মখন ।ব ৰ্তমান ত্ৰিশ জনী উন্নত জাতৰ গাইৰ পৰা দৈনিক ১৫০-২০০ লিটাৰ গাখীৰ উৎপাদন হয় । অৱশ্যে গাখীৰ পেকেজিং কৰি ব্যৱসায় কৰাৰ ক্ষেত্ৰত এতিয়াও অসুবিধাৰ সন্মুখীন হৈ অহাৰ বিষয়ে ব্যক্ত কৰে মহিলাগৰাকীয়ে ।

শ্বেত বিপ্লৱেৰে ধেমাজিৰ গোপা বিশ্বকৰ্মাই দাঙি ধৰিছে অনন্য নিদৰ্শন

উল্লেখ্য যে প্ৰথমে নিজৰ গাঁঠিৰ ধন খৰচ কৰি এজনী গাই আৰু চেউৰী এজনীৰে আৰম্ভ কৰাৰ পিচত মুখ্যমন্ত্ৰীৰ বিশষ আচনিৰ অধীনত ১০ জনী গাই লাভ কৰিছিল । পৰৱতী সময়ত নিজা চেষ্টা আৰু ব্যৱসায়ৰ জৰিয়তে এতিয়া ত্ৰিশ জনী গাইৰ দূগ্ধ ফাৰ্মলৈ পৰিণত হৈছে । ইপিনে বায়েকৰ কামত নিয়োজিত হৈ অতি উৎসাহী হৈ ভাতৃয়ে কয় যে কষ্ট কৰিলে ইয়াতে আনন্দ আৰু উন্নতি আছে । পুৱা ৪ বজাতেই বিশ্বকৰ্মাই উঠি কাম কাজৰ লগত ব্যস্ত হৈ পৰে হৈ পৰে আৰু পিচত নগৰলৈ নিজেই গাড়ীত লৈ আহে গাখীৰৰ পাত্ৰসমূহ । শিক্ষিত মহিলাগৰাকীৰ কৰ্মৰাজি নিঃসন্দেহে প্ৰশংসনীয় । আন দহজনৰ বাবে হৈ পৰিছে আৰ্দশ আৰু কৰ্ম অনুপ্ৰেৰণাৰ উৎস ।

আৰু পঢ়কঃমোডী চৰকাৰ বৰ্তমান ভাষনত হে আছে, কামত নাইঃ দুৰ্গা ভূমিজ

ABOUT THE AUTHOR

...view details