অসম

assam

By

Published : Nov 8, 2019, 2:26 PM IST

ETV Bharat / state

এটা পথ, ২৮ খন বাঁহৰ দলংঃ বিশ্ব অভিলেখৰ দিশে গড়কাপ্তানী বিভাগ

জোনাই বিধানসভা সমষ্টিৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লক্ষীপথাৰ জামুগুৰী সংযোগী পি এম জিএছ ৱাই পথৰ বদুলা চেন্টাৰৰ আৰচিচি কালভাৰ্টটো যোৱা ৯ জুলাইতে লালী নদীৰ প্ৰলয়ংকৰী বানে ছিন্ন ভিন্ন কৰি পেলায় ৷ যাৰবাবে ১৫ খন গাঁৱৰ ৰাইজে চৰম শাস্তি ভুগিব লগা হৈছে ৷

এটা পথ, ২৮ খন বাঁহৰ দলংঃ বিশ্ব অভিলেখৰ দিশে গড়কাপ্তানী বিভাগ

জোনাই ৮ নৱেম্বৰঃ ইখনৰ পিচত সিখন চৰকাৰ সলনি হ'ল, একেদৰে সলনি হ'ল জনপ্ৰতিনিধিও কিন্তু সলনি নহ'ল একাংশ স্থানৰ পৰিৱেশ,পৰিস্থিতি ৷ এতিয়াও উন্নয়নৰ পোহৰ নপৰাকৈয়ে ৰৈ গৈছে বহু অঞ্চল ৷ ধেমাজী জিলাৰ জোনাইৰ উলুৱনীত এটা পথৰ ওপৰত ২৮ খন বাঁহৰ দলঙে উদঙাই দিছে ৰাজ্যখনৰ উন্নয়নৰ প্ৰতিচ্ছবি ৷

বাঁহৰ দলঙৰে বিশ্ব অভিলেখ গঢ়াৰ পথত জোনাইৰ উলুৱনীৰ এটা পথ
দেশে স্বাধীনতা পোৱাৰ ৭২টা বছৰৰ পিচতো ধেমাজি জিলাৰ জোনাইত আজিও আছে উন্নয়নৰ মুখ নেদেখা বহু অঞ্চল ৷ জোনাই বিধানসভা সমষ্টিৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লক্ষীপথাৰ জামুগুৰী সংযোগী পি এম জিএছ ৱাই পথৰ বদুলা চেন্টাৰৰ আৰচিচি কালভাৰ্টটো যোৱা ৯ জুলাইতে লালী নদীৰ প্ৰলয়ংকৰী বানে ছিন্ন ভিন্ন কৰি পেলায় ৷ ৰামধন দিখাৰী পঞ্চায়তবাসীৰ বাবে অতি গুৰুত্বপূৰ্ণ লক্ষীপথাৰ জামুগুৰী সংযোগী পিএমজিএছ ৱাই পথত থকা পকী কালভাৰ্টটো ভাঙি যোৱাৰ পিচত প্ৰশাসন তথা গড়কাপ্তানী বিভাগে পৰিদৰ্শন কৰি পুনৰ নিৰ্মাণৰ কোনো পদক্ষেপ হাতত নল'লে আজি পৰ্যন্ত ৷ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ পোন্ধৰ খনৰো অধিক কৃষিজীৱী জনবসতিপূৰ্ণ গাঁৱৰ ৰাইজে বৰ্হিঃজগতৰ সৈতে যাতায়ত তথা যোগাযোগৰ ভৰষা একমাত্ৰ পথটোত থকা পকী কালভাৰ্টটোৰ পুনৰ নিৰ্মাণৰ বাবে বিকল্প ব্যৱস্থা নোলোৱাত কৃষিজীৱী ৰাইজ ভীষণ সমস্যাৰ সন্মুখীন হৈছে ৷
জোনাইৰ উলুৱনীত থকা এখন বাঁহৰ দলং

ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ ১ নং,২ নং,৩নং,জামুগুৰী,২ নং উলুৱনী,লংকা,ম্লান,মঠাম,মধ্যপুৰ,উলুৱনী জয়পুৰ,বিষ্ণুপুৰ,উলুৱনী মাজগাঁৱ,১নং উলুৱনী,নলাপাৰা,বুঢ়ীসুঁতি কছাৰী,টাকাবাৰী আদি গাঁওসমূহলৈ যোৱা এখন পথৰ ওপৰত প্ৰায় ২৮ খন জৰাজীৰ্ণ বাঁহৰ দলঙৰে অভিলেখৰ পথত ৰাজ্যৰ গড়কাপ্তানী বিভাগ ৷ বৃহত্তৰ অঞ্চলটোত আজিকোপতি কোনো এখন চৰকাৰে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাত বছৰ বছৰ ধৰি দান বৰঙণিৰে ৰাইজে নিজেই নিৰ্মাণ কৰা জৰাজীৰ্ণ বাঁহৰ দলঙৰে ৰাইজে যোগাযোগ অব্যাহত ৰাখিছে ৷

২৮ খন বাঁহৰ দলঙে উদঙাই দিছে ৰাজ্যখনৰ উন্নয়নৰ প্ৰতিচ্ছবি

ইফালে অঞ্চলটোৰ বানপীড়িত ৰাইজে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সামগ্ৰী লাভ কৰা,ৰোগীৰ চিকিৎসা ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে | বৃহত্তৰ অঞ্চলটোত কোনো ধৰণৰ চিকিৎসালয় নথকাত বিধ্বস্ত পথেৰে অতি কষ্টেৰে ৰোগীক চিকিৎসালয়লৈ নিবলগীয়া হোৱাত সমস্যাৰ সন্মুখীন হৈছে ৷ উল্লেখ্য যে ৰোগীৰ ক্ষেত্ৰতে নহয় অঞ্চলটোৰ শ শ ছাত্ৰ ছাত্ৰীৰ লগতে যাতায়তৰ ক্ষেত্ৰত ১৫ খন গাঁৱৰ ৰাইজে চৰম শাস্তি ভুগিব লগা হৈছে ৷ আঞ্চটোৰ বহু বছৰ আগতে এনৰেগা জৰিয়তে নিৰ্মাণ কৰা পথটো প্ৰতি বছৰে দিখাৰী নদীৰ বাঢ়নী পানীয়ে বিধ্বস্ত কৰি অহাৰ পিছতো আজি পৰ্যন্ত সাংসদ প্ৰদান বৰুৱাকিম্বা বিধায়ক ভুৱন পেগুৱে পথটো মেৰামতি কৰাৰ লগতে পথৰ ওপৰত থকা ২৮ খন বাঁহৰ দলং আজি পৰ্যন্ত নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰাত সাংসদ আৰু বিধায়কগৰাকীৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে ৷

এটা পথ, ২৮ খন বাঁহৰ দলংঃ বিশ্ব অভিলেখৰ দিশে গড়কাপ্তানী বিভাগ

লগতে পঢ়কঃ বাক্সাত ভুৱা ক্ৰীড়া সংগঠনৰ ভয়ানক জাল

ABOUT THE AUTHOR

...view details