দৰং, 6 জানুৱাৰী :ভাং, গাঞ্জা, হেৰ’ইন আদিৰ দৰে নিচাজাতীয় দ্ৰব্যই যেন ছানি ধৰিছে সমগ্ৰ অসমক ৷ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত একাংশ যুৱপ্ৰজন্মই জীৱনৰ অৱসাদ আঁতৰোৱাৰ সহজ পন্থা হিচাপে বাছি ড্ৰাগছৰ আসক্তি ৷ যাৰ বাবে দিনকদিনে বৃদ্ধি পাইছে নিচাসক্ত লোকৰ সংখ্যা ৷
পিছে ড্ৰাগছৰ বিৰুদ্ধে পূৰ্বৰ কোনো এখন চৰকাৰে নকৰা কাম কৰিব ধৰিছে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে ৷ ৰাজ্যৰ শাসনভাৰ গ্ৰহণৰ পিছতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই একপ্ৰকাৰ জেহাদ ঘোষণা কৰিছিল ড্ৰাগছৰ বিৰুদ্ধে (Operation agaisnt Drugs) ৷ তেতিয়াৰ পৰাই থমকি ৰোৱা নাই আৰক্ষী ৷ ড্ৰাগছৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলাই গৈছে অসম আৰক্ষীয়ে ৷
বুধবাৰে নিশা তেনে এক অভিযান চলিছিল দৰঙত (Anti drugs mission in Darrang) ৷ জিলা আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযানৰ অংশ হিচাপে, বুধবাৰে নিশা প্ৰায় 11.30 বজাত এক অভিযান চলাই মঙলদৈ থানাৰ যান-বাহন শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া গকুল ডেকাই ৷ গকুল ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ মঙলদৈ থানাৰ সন্মুখতে চলাইছিল এই অভিযান ৷ অভিযানকাৰী দলটোৱে ওদালগুৰিৰ দিশৰ পৰা অহা KA 01 AH 0353 নম্বৰৰ এখন টেংকাৰত তালাচী চলাই জব্দ কৰে 2.10 কিল’গ্ৰাম গাঞ্জা ৷