অসম

assam

ETV Bharat / state

দৰঙত চকু মুদা ভাৱত প্ৰশাসন - ছিপাঝাৰ

দৰঙত নাই কোনো সামাজিক দূৰত্ব ৷ প্ৰতিদিনে জিলাখনত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছতো প্ৰশাসন আৰু পৰিবহন বিভাগে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ৷ যাৰ বাবে বাহনৰ গৰাকীয়ে সামাজিক দূৰত্ব নামানি কৰিছে যাত্ৰা আৰু বৃদ্ধি কৰিছে ভাড়া ৷

The owner of the vehicle is recalling the virus
দৰঙত চকু মুদা ভাৱত প্ৰশাসন

By

Published : Sep 25, 2020, 12:53 PM IST

দৰং,25ছেপ্টেম্বৰ: ৰাজ্যত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ এই মহামাৰীক প্ৰতিৰোধৰ বাব চৰকাৰে গ্ৰহণ কৰিছে কেতবোৰ নিয়ম ৷ চৰকাৰী নিয়মক অৱজ্ঞা কৰা লোকৰ বিৰুদ্ধে বিহিছে জৰিমণা ৷ কিন্তু ইয়াৰ পাছতো কিছু-কিছু ঠাইত কেৰেপ কৰা নাই এই মহামাৰীক ৷ গ্ৰহণ কৰা নাই মহামাৰীক প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা ৷

দৰঙত চকু মুদা ভাৱত প্ৰশাসন

দৰং জিলাতো পৰিবহন বিভাগ তথা যান বাহন আৰক্ষীয়ে কৰ'ণা ভাইৰাছক প্ৰতিৰোধৰ বাবে কোনো ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ সৰু -সৰু বাহনৰ পৰা আৰম্ভ কৰি ডাঙৰ বাহনলৈ সকলোতে যাত্ৰীৰ ভিৰ ৷ নাই কোনো সামাজিক দূৰত্ব,নাই কোনো চৰকাৰী নিয়ম ৷

ইফালে, যাত্ৰীসকলৰ পৰাও বাহনৰ চালকে অত্যাধিক ভাড়া লোৱাৰ উত্থাপিত হৈছে অভিযোগ ৷ মঙলদৈৰ পৰা ছিপাঝাৰলৈ লকডাউনৰ পূৰ্বে ভাড়া আছিল ২০ টকা । এতিয়া ২০ ৰ ঠাইত ৫০ টকা হোৱাৰ বাৱে যাত্ৰীসকল ভুগিছে দুৰ্ভোগ ৷ কিন্তু ইয়াৰ পাছতো আৰক্ষীয়ে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ৷ যাৰ বাবে সমস্যাত পৰিছে সাধৰণ ৰাইজ ৷ সাধৰণ ৰাইজৰ দাবী প্ৰশাসনে এই ক্ষেত্ৰত গ্ৰহণ কৰক কোনো ব্যৱস্থা ৷

অন্য এক খবৰৰ বাবে: অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদত মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details