অসম

assam

By

Published : Sep 21, 2020, 5:04 PM IST

ETV Bharat / state

প্ৰাপ্য ধনৰ আদায়ৰ দাবীৰে প্ৰাগ বচিমি ছিন্থেটিক্ছ লিমিটেডৰ কৰ্মচাৰীৰ প্ৰতিবাদ

সোমবাৰে নিজৰ বকেয়া ধন আদায়ৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰাগ বচিমি ছিন্থেটিক্ছ লিমিটেডৰ কৰ্মচাৰী সকলে ৷ ছিপাঝাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ প্ৰতিবাদ সাব্যস্ত কৰিলে কৰ্মচাৰী সকলে ৷

প্ৰাগ বচিমি ছিন্থেটিক্ছ লিমিটেডৰ কৰ্মচাৰীৰ প্ৰতিবাদ
প্ৰাগ বচিমি ছিন্থেটিক্ছ লিমিটেডৰ কৰ্মচাৰীৰ প্ৰতিবাদ

দৰং, 21 চেপ্তেম্বৰ:উত্তৰ-পূবৰ সৰ্ববৃহৎ পলিয়েষ্টাৰ উদ্যোগ প্ৰাগ বচিমি ছিন্থেটিক্ছ লিমিটেডে শ্ৰমিক সকলক দীৰ্ঘদিন ধৰি বঞ্ছনা কৰি অহাৰ অভিযোগত সোমবাৰে শ্ৰমিক সকলে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে ৷ উদ্যোগটোৰ মুখ্য প্ৰবেশদ্বাৰৰ সন্মুখ তথা ছিপাঝাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি শ্ৰমিকসকলে বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ফলত বহ সময়জুৰি যান-বাহন চলাচল ব্যাহত হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথটোত ৷

প্ৰাপ্য ধনৰ আদায়ৰ দাবীৰে প্ৰাগ বচিমি ছিন্থেটিক্ছ লিমিটেডৰ কৰ্মচাৰীৰ প্ৰতিবাদ

প্ৰতিবাদকাৰী সকলৰ অভিযোগ অনুসৰি লক ডাউনৰ দোহাই দি বিগত মাৰ্চ মাহৰ পৰাই তেওঁলোকৰ দৰমহা বন্ধ কৰি ৰখা হৈছে ৷ এই সন্দৰ্ভত একাংশ কৰ্মচাৰী উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ সৈতে এখন বৈঠকত মিলিত হৈছিল যদিও, কোনো ধৰণৰ ফল নোপোৱাৰ অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে ৷ প্ৰতিবাদকাৰী সকলৰ দাবী, শীঘ্ৰেই চৰকাৰে তেওঁলোকৰ বকেয়া ধন তেওঁলোকক আদায় দিয়ক অন্যথ্য তেওঁলোকক গুলীয়াই হত্যা কৰক ৷

লগতে পঢ়ক:কাহিলীপাৰাত সংযোগী শিক্ষাকৰ্মীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details