অসম

assam

By

Published : Jul 30, 2022, 6:26 PM IST

ETV Bharat / state

Ujjwal Bharat Ujjwal Bhavishya: দৰঙৰ হিতাধিকাৰীক উদ্দেশ্যি ভিডিঅ’ কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰীৰ ভাষণ

সমগ্ৰ দেশতে চলি থকা বিজুলী মহোৎসৱৰ(Bijli Mahotsav) অংশ হিচাবে উজ্জ্বল ভাৰত, উজ্জ্বল ভৱিষ্যৎ অভিযানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi participates in Ujjwal Bharat Ujjwal Bhavishya programme) ৷ সমগ্ৰ দেশৰ শক্তিখণ্ডৰ হিতাধিকাৰীসকলৰ উদ্দেশ্য ভিডিঅ’ কনফাৰেন্সযোগে ভাষণ প্ৰদান কৰে প্ৰধামন্ত্ৰীগৰাকীয়ে ৷ অসমৰো দুখন জিলাৰ হিতাধিকাৰীৰ সৈতে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷

Ujjwal Bharat Ujjwal Bhavishya
দৰঙৰ হিতাধিকাৰীক উদ্দেশ্যি ভিডিঅ’ কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰীৰ ভাষণ

মঙলদৈ, 30 জুলাই: আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশৰ শক্তিখণ্ডৰ হিতাধীকাৰীসকলৰ সৈতে ভিডিঅ কন্ফাৰেন্স যোগে মত বিনিময় কৰে । দেশৰ ১১৫ খন জিলাৰ সৈতে তেও আজি পোনপটীয়াকৈ যোগাযোগ কৰে । ইয়াৰে অংশ হিচাবে অসমৰ দুখন জিলাৰ হিতাধীকাৰীৰ সৈতেও বাৰ্তালাপ কৰে প্ৰধামন্ত্ৰীগৰাকীয়ে ।

দৰঙৰ হিতাধিকাৰীক উদ্দেশ্যি ভিডিঅ’ কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰীৰ ভাষণ

অসমৰ দৰং জিলা আৰু কোকৰাঝাৰ জিলাৰ শক্তিখণ্ডৰ হিতাধীকাৰীয়ে এই ভিডিঅ কন্ফাৰেন্সত অংশগ্ৰহণ কৰে (PM Modi video conference with Assam beneficiary)। দৰং জিলাৰো ১০ গৰাকী হিতাধীকাৰীয়ে অংশগ্ৰহণ কৰে । অৱশ্যে দৰঙৰ হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কোনোধৰণৰ মত-বিনিময় কৰাৰ পৰা বিৰত থাকে ।

এই উপলক্ষে আজি দৰং জিলাৰ উপায়ুক্তৰ সভাকক্ষত জিলা উপায়ুক্ত(Darrang district DC) প্ৰণৱ কুমাৰ শৰ্মা, ছিপাঝাৰৰ বিধায়ক ড৹ পৰমানন্দ ৰাজবংশী, মঙলদৈৰ বিধায়ক বসন্ত দাস, বিদুৎ বিভাগৰ বিষয়াসকল আৰু হিতাধিকাৰীসকল উপস্থিত থাকে (Ujjwal Bharat Ujjwal Bhavishya programme in Darrang)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ কন্ফাৰেন্স যোগে প্ৰদান কৰা ভাষণ শুনাৰ লগতে শক্তিখণ্ডৰ আঁচনিসমূহৰ বিষয়েও জ্ঞাত হয় হিতাধিকাৰীসকলৰ লগতে উপস্থিত লোকসকল ।

বিশেষকৈ সৌৰশক্তিৰ নতুন নতুন প্ৰকল্পৰ বিষয়েও প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰায় ।

লগতে পঢ়ক:All India DLSA meet 2022 : প্ৰথম সৰ্বভাৰতীয় জিলা আইনী সেৱা কৰ্তৃপক্ষৰ বৈঠকত প্ৰধানমন্ত্ৰী মোডী

ABOUT THE AUTHOR

...view details