মঙলদৈ, 7 মে': মঙলদৈত যোৱা বছৰতে ভাগি যোৱা মথাউৰিৰ আজিকোপতি মেৰামতি কৰা নহ'ল ৷ ইয়াৰ ফলত বহাগৰ প্ৰথমজাক বৰষুণতে নোৱা নদীৰ বাঢ়নী পানী সোমাই প্লাৱিত কৰিলে বিস্তীৰ্ণ অঞ্চল ৷ নগৰবাহী গাওঁ,কানাই চুবুৰী,উপহুপৰা অঞ্চল অনাগত বানতে প্ৰায় বুৰ যোৱাটো নিশ্চিত হৈ পৰিছে ৷ জলসম্পদ বিভাগৰ মথাউৰি নিৰ্মাণত খেলিমেলি হোৱাৰ বাবেই পানী সোমোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে ৷
আজিকোপতি মেৰামতি নহ'ল ভগা মথাউৰি
মঙলদৈত নোৱা নদীৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিলে বিস্তীৰ্ণ অঞ্চল ৷ জলসম্পদ বিভাগৰ মথাউৰি নিৰ্মাণত খেলিমেলি হোৱাৰ বাবেই পানী সোমোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে ৷
আজিকোপতি মেৰামতি নহ'ল ভগা মথাউৰি
ইয়াৰ ফলত অঞ্চলটোৰ ৰাইজ এতিয়া জাঙুৰ খাই উঠাৰ লগতে মথাউৰি পুনৰ নিৰ্মাণৰ দাবী উত্থাপন কৰিছে ৷ উল্লেখযোগ্য যে,নগৰবাহীৰ কাষেদি বৈ যোৱা নোৱা নদীৰ মথাউৰিটো আজিলৈকে সম্পূৰ্ণকৈ তৈয়াৰ নকৰিলে জলসম্পদ বিভাগে।