অসম

assam

ETV Bharat / state

বিশেষভাৱে সক্ষম ঋতুস্মিতাৰ সাফল্য

কন্যাক লৈ চিন্তিত পিতৃ-মাতৃয়ে গুৱাহাটী নাৰেংগীস্থিত স্বৰস্বতী বাকধনী জাতীয় বিদ্যালয়ত ঋতুস্মিতাৰ নামভৰ্ত্তি কৰে। অৱশেষত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ঋতুস্মিতা হাজৰিকাই গণিত বিষয়ত লেটাৰ নম্বৰসহ ৭২% নম্বৰ লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হয় ৷

By

Published : Jun 9, 2020, 4:19 PM IST

DARRANG PHYSICALLY CHALLENGED GIRL
ঋতুস্মিতা

দৰং, 9 জুন : শনিবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত মঙলদৈ পকাবাঙি পাৰাৰ পবিত্ৰ হাজৰিকা আৰু কবিতা হাজৰিকাৰ কন্যা ঋতুস্মিতা হাজৰিকাই ৭২ শতাংশ নম্বৰ লাভ কৰি কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়। একাগ্ৰতা আৰু লক্ষ্য সঠিক থাকিলে যে শাৰীৰিক বাধাকো নেওচিব পাৰি তাকে প্ৰমাণ দাঙি ধৰে ঋতুস্মিতাই। দৰাচলতে জন্মৰ পাছতে অনাকাংখিতভাৱে নিম'নিয়া ৰোগত আক্ৰান্ত হৈ শ্ৰৱণ আৰু বাক শক্তি হেৰুৱাই ঋতুস্মিতাই ৷

ঋতুস্মিতা
কন্যাক লৈ চিন্তিত পিতৃ-মাতৃয়ে গুৱাহাটী নাৰেংগীস্থিত স্বৰস্বতী বাকধনী জাতীয় বিদ্যালয়ত ঋতুস্মিতাৰ নামভৰ্ত্তি কৰে। অৱশেষত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ঋতুস্মিতা হাজৰিকাই গণিত বিষয়ত লেটাৰ নম্বৰসহ ৭২% নম্বৰ লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হয় ৷ ঋতুস্মিতাৰ এই ফলাফলে বৃহত্তৰ পকাবাঙি পাৰা অঞ্চলত আনন্দৰ বন্যা আনিছ। ঋতুস্মিতাৰ এই সাফল্য সঁচাকৈ শলাগিবলগীয়া ।

ABOUT THE AUTHOR

...view details