দৰং, 4 ফেব্ৰুৱাৰী: বুধবাৰে দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ পুনিয়া-গৰৈমাৰা গৰখীয়া মন্দিৰ প্ৰাংগনত "পুনিয়া-গৰৈমাৰা নৱমিলন গৰখীয়া সভা“ অনুষ্ঠিত হয় ৷ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অসমৰ বিভিন্ন প্ৰান্তৰপৰা অহা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা এই মহান অনুষ্ঠানটিয়ে এইবেলি 28তম বৰ্ষত ভৰি দিলে ৷ 1993 চনতে পুনিয়া-গৰৈমাৰা গাঁৱৰ কেইজনমান গৰখীয়াৰ প্ৰচেষ্টাত এগছি বন্তিৰে আৰম্ভ কৰা অনুষ্ঠানটিত প্ৰতিবছৰে পালন কৰি আহিছে গৰখীয়া সভা ৷
লোকবিশ্বাস মতে,পুনিয়া-গৰৈমাৰা গৰখীয়া মন্দিৰ প্ৰাংগণত আয়োজিত এই গৰখীয়া সভাত চাকি-বন্ত্বি জ্বলাই প্ৰাৰ্থনা কৰিলে পূৰ্ণ হয় মনোবাঞ্চা ৷ এই বিশ্বাসতে 1993 চনৰ পৰা এতিয়ালৈকে চলি আহিছে এই পৰম্পৰা ৷ এইবেলিও বুধবাৰে ভক্তৰে ভৰি পৰিল গৰখীয়া সভাৰ বাকৰি ৷ চাকি,ধূপ-ধুনা,নাম-প্ৰসঙ্গৰে মুখৰিত হ'ল পুনিয়া-গৰৈমাৰা নৱমিলন গৰখীয়া মন্দিৰৰ প্ৰাংগণ ৷
উল্লেখ্য যে,ধৰ্মীয় আৰু সমন্বয়ক অনুষ্ঠান "পুনিয়া-গৰৈমাৰা নৱমিলন গৰখীয়া সভা"ই 2022 চনত ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ৰূপালী জয়ন্তীৰ মহা আয়োজনৰ প্ৰস্তুতি বুধবাৰে আয়োজিত গৰখীয়া সভাৰ পৰাই আৰম্ভ কৰিছে উদযাপন সমিটিয়ে ৷
28 টা বৰ্ষ অতিক্ৰম কৰিলে পুনিয়া-গৰৈমাৰা গাঁৱৰ গৰখীয়া সভাই - ৰূপালী জয়ন্তী
1993 চনতে পুনিয়া-গৰৈমাৰা গাঁৱৰ কেইজনমান গৰখীয়াৰ প্ৰচেষ্টাত এগছি বন্তিৰে আৰম্ভ কৰা ছিপাঝাৰ সমষ্টিৰ পুনিয়া-গৰৈমাৰা গৰখীয়া মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয় গৰখীয়া সভা ৷ অসমৰ বিভিন্ন প্ৰান্তৰপৰা অহা সহস্ৰাধিক লোকে অংশ গ্ৰহণ কৰে এই ধৰ্মীয় অনুষ্ঠানটোত ৷
28বৰ্ষ অতিক্ৰম কৰিলে পুনিয়া-গৰৈমাৰা গাঁৱৰ গৰখীয়া সভাই
Last Updated : Aug 9, 2022, 4:46 PM IST