অসম

assam

ETV Bharat / state

খাৰুপেটিয়াত জালনোট সহ যুৱক গ্ৰেপ্তাৰ

এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত খাৰুপেটিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ কাকতিৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে শ্যামটিলাৰ পৰা ১০ লাখ জালনোট সহ এজন যুৱকক আটক কৰে ।

By

Published : Nov 8, 2020, 9:44 PM IST

Fake note seized at Kharupetiya
খাৰুপেটিয়াত জালনোট সহ যুৱক গ্ৰেপ্তাৰ

খাৰুপেটিয়া, ৮ নৱেম্বৰ: দৰঙৰ খাৰুপেটিয়াত আৰক্ষীৰ বৃহৎ সফলতা । এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত খাৰুপেটিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ কাকতিৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে শ্যামটিলাৰ পৰা ১০ লাখ টকাৰ জালনোট সহ এজন যুৱকৰ আটক কৰে । শ্যামটিলাৰ আব্বাছ আলী নামৰ যুৱকজনে নোটখিনি বিক্ৰী কৰিবলৈ অনা সময়তেই জব্দ কৰে আৰক্ষীয়ে ।

আনহাতে, জালনোট সৰবৰাহকাৰী যুৱকজন ধুলা আৰক্ষী থানাৰ অন্তৰ্গত মৌছিঠা গলন্ধী হাবি গাঁৱৰ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, চক্ৰটোৱে অঞ্চলটোত পূৰ্বৰ পৰাই চলাই আহিছিল জাল নোট সৰবৰাহ কাৰ্য্য । ইতিমধ্যে আব্বাছ আলীক খাৰুপেটিয়া আৰক্ষী থানাত ৪৮৪/২০ নম্বৰত গোচৰ ৰুজু কৰি জেল হাজতলৈ প্ৰেৰণ কৰে।

লগতে পঢ়কঃ ধুবুৰীত AIUDFৰ নিৰ্বাচনী তৎপৰতা আৰম্ভ

ABOUT THE AUTHOR

...view details