অসম

assam

By

Published : Apr 24, 2021, 2:36 PM IST

ETV Bharat / state

দলগাঁৱত চোৰৰ চাফাই অভিযান

চোৰৰ চাফাই অভিযান দৰঙৰ দলগাঁৱত বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰিকাণ্ড । চকৰাগাঁৱৰ মহৰুদ্দিন নামৰ লোকজনৰ বাসগৃহৰ পৰা চোৰে লুটি নিলে মূল্যৱান আ-অলংকাৰ । আনহাতে, অনিল বৰণ শীল নামৰ লোকজনৰ ষ্টেচনেৰী আৰু ইলেকট্ৰ'নিক সামগ্ৰী থকা ব্যৱসায়িক প্ৰতিষ্ঠান দুখনৰ পৰা লুটি নিলে বহু সামগ্ৰী আৰু নগদ ধন ।

দলগাঁৱত বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰিকাণ্ড
দলগাঁৱত বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰিকাণ্ড

দলগাঁও, ২৪ এপ্ৰিল: শুক্ৰবাৰে নিশা দৰঙৰ দলগাঁৱৰ চকৰাগাঁৱত চোৰে চলালে চাফাই অভিযান । বাসগৃহ আৰু দুখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা চোৰে লুটি নিলে বহু মূল্যৱান সামগ্ৰী । জানিব পৰা মতে, চকৰাগাঁৱৰ মহৰুদ্দিন নামৰ লোকজনৰ বাসগৃহৰ খিৰীকিৰ গ্ৰীল ভাঙি চোৰে প্ৰৱেশ কৰে আৰু মূল্যৱান আ-অলংকাৰ লুটি নিয়ে ।

দলগাঁৱত বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰিকাণ্ড

ঘৰত কোনো নথকাৰ সুযোগতে লুট-পাত চলায় চোৰে । আনহাতে, অনিল বৰণ শীল নামৰ লোকজনৰ ষ্টেচনেৰী আৰু ইলেকট্ৰ'নিক সামগ্ৰী থকা ব্যৱসায়িক প্ৰতিষ্ঠানতো চোৰে চাফাই অভিযান চলায় । ব্যৱসায়িক প্ৰতিষ্ঠানৰ দৰ্জাৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে গভাইত চোৰে ।

দলগাঁৱত বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰিকাণ্ড

ব্যৱসায়িক প্ৰতিষ্ঠান দুখনৰ পৰা চোৰে লুটি নিলে দুটা টিভি, এটা লেপটপ, এটা হোম থিয়েটাৰ আৰু নগদ ধন । সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:ডিব্ৰুগড়ত পুনৰ এজনৰ কৰ'ণাত মৃত্যু

ABOUT THE AUTHOR

...view details